ৰৌতাৰ পৰা আব্দুল আৱাল, সংবাদ ৩৬৫, ১৯ জুলাইঃ পৰিৱৰ্তনৰ শ্লোগানেৰে জনসাধাৰণক প্ৰতিশ্ৰতি দি অহা চৰকাৰখন কামত ফুটুকাৰ ফেন। কেৱল উন্নয়নৰ নামেই লৈ থাকিল। উন্নয়নৰ নামত দুবছৰ উকলি গ’ল। ২৪ ঘন্টাই বিদ্যুৎ সেৱা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপি নেতৃত্ত্বাধীন চৰকাৰখনে আজিলৈ কোনো পৰিবৰ্তন ঘটাব নোৱাৰিলে ৰাজ্যখনৰ বিদ্যুৎ বিভাগৰ। এতিয়াও অন্ধকাৰত ৰৌতাবাসী। বিদ্যুতৰ লুকাভাকুই অতিষ্ঠ কৰিছে ৰাইজক। অসহনীয় গৰমে ৰাজ্যবাসীক বিধ্বস্ত কৰি ৰখাৰ সময়তে বিদ্যুতৰ অনিয়মীয়া যোগানে জ্বলাকলা খুৱাইছে ওদালগুৰি জিলাৰ ৰৌতাবাসী ৰাইজক । উল্লেখ্য যে, বিগত কেইবা মাহ ধৰি দিনটোৰ বেছিভাগ সময়েই বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আহিছে ২৫ খনৰো অধিক গাঁৱৰ ৰাইজ। বিগত মাহবোৰত বিভাগটোৰ কৰ্মচাৰী সকলে ধুমুহা-বৰষুণ আদি বিভিন্ন অজুহাত দেখুৱাই বিদ্যুৎ কৰ্তন কৰি আহিছিল । যোৱা দুসপ্তাহত তেনে কোনো প্ৰাকৃতিক দুৰ্যোগ নাই যদিও এতিয়া বিদ্যুৎ যোগান আৰু অধিক অৱনতি হোৱা হে পৰিলক্ষিত হৈছে । গ্ৰাহকসকলে ২৪ ঘন্টাৰ ভিতৰত দুই ঘন্টাও বিদ্যুৎ লাভ কৰিবলৈ সক্ষম হোৱা নাই । ফলত অঞ্চলটোৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লোকসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজ উৎকট গৰমত অতিষ্ঠ হৈ পৰিছে। অনিয়মীয়া বিদ্যুৎ সেৱাৰ ফলত বিপাঙত পৰা বুলিও ক্ষোভ প্ৰকাশ কৰে অঞ্চলটোৰ বৌদ্ধিক মহলে । বিভাগটোত বিষয়া-কৰ্মচাৰীৰ দায়িত্বৰ প্ৰতি হেমাহি কৰাৰ বাবেই অঞ্চলটোৰ ৰাইজ আজি বিদ্যুতৰ নিয়মীয়া সেৱাৰ পৰা বঞ্চিত হ’বলগা হৈছে বুলি বৃহত্তৰ ৰৌতা অঞ্চলৰ ৰাইজে অভিযোগ কৰে । বিদ্যুৎ সেৱা নিয়মীয়াকৰণ কৰাৰ বাবে বিদ্যুৎ গ্ৰাহকসকলে বিভাগীয় কৰ্তৃপক্ষক দাবী কৰি আহিছিল যদিও গ্ৰাহকৰ দাবীৰ প্ৰতি কোনো ধৰণৰ সহাৰি নজনোৱা অভিযোগ উত্থাপন হৈছে। বৃহত্তৰ ৰৌতা অঞ্চলৰ ২৫ খনৰো অধিক গাৱৰ ৰাইজে অহা ২৪ ঘন্টাৰ ভিতৰত বিদ্যুৎ সেৱা নিয়মীয়া কৰিবলৈ অসম চৰকাৰৰ শক্তিমন্ত্ৰী তপন গগৈৰ লগতে ওদালগুৰি বিদ্যুৎ উপ-সংমণ্ডলৰ কৰ্তৃপক্ষক দাবী জনাইছে । অন্যথা অকৰ্মণ্য বিভাগটোৰ বিৰুদ্ধে অচিৰেই পথ অৱৰোধ, ওদালগুৰি বিদ্যুৎ উপ-সংমণ্ডলৰ কাৰ্যালয় ঘেৰাওৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি বিভিন্ন মহলে সকিয়নী দিয়ে ।