বৰ্ণিহাত, ১৫ আগষ্টঃ বৰ্ণিহাতৰ ৰাজপথত পুৱা ৯ বজাত এজোপা পুৰণি প্ৰকাণ্ড গছ উভালি পৰাত অঞ্চলটোত বিস্তৰ ক্ষতি হয়। গছজোপা উভালি পৰাত পথটো সৰ্ম্পূণৰূপে বন্ধ হৈ পৰাৰ লগতে বৈদ্যুতিক তাঁৰ ছিঙি পৰে। এই ঘটনাত চাৰিখন অটো আৰু তিনিখন দোকান বিদ্ধস্ত হয় আৰু ছয়জন লোক কথমপি ৰক্ষা পৰে। পুৰণি প্ৰকাণ্ড গছজোপা উভালি পৰাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় লোকে পথটো মুকলি কৰাৰ চেষ্টা কৰে। আনহাতে বৰ্ণিহাত আৰক্ষী বৰ্তমান পৰ্যন্ত ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উঠিছে। জানিব পৰা মতে, এই পথটোৱেৰে উন্মু বিদ্যুত প্ৰকল্পলৈ যাতায়ত কৰা হয়।