কলগাছিয়া, ২০ অক্টোবৰঃ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জনীয়াৰ শিতুলিকে ধৰি আঠখন পঞ্চায়তৰ সদা ব্যস্ত ভেলেংঙী নদীৰ ওপৰত কাঠৰ দলংখন মেৰামতিৰ নামত ব্যাপক কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে। প্ৰাপ্ত তথ্য মতে, শেহতীয়া প্ৰলয়কাৰী বানত দলংখনৰ পশ্চিম ফালৰ এটা অংশ তলৰ ফালে বহি যোৱাত যাতায়তত ব্যাঘাত জন্মাত দলংখন মেৰামতিৰ বাবে বিধায়ক আব্দুল খালেকে কংগ্ৰেছী পালিনেতা ইমদাদ চৌধুৰী আৰু নছিউৰ ৰহমানক সমষ্টি উন্নয়ন পুঁজিৰ পৰা ৫ লাখ টকা আৱন্টন দিয়ে বুলি জানিব পৰা গৈছে। শিতুলি গাওঁ পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ইমদাদ চৌধুৰী আৰু স্থানীয় নছিউৰ ৰহমানে ২০ মিটাৰ দলং মেৰামতিৰ বাবে ৫ লাখ টকাৰ ঠিকা পাই ৰাইজক অন্ধকাৰত ৰাখি পুৰণা ব্যৱহাৰ অনুপযোগী কাঠ দলংখনত ব্যৱহাৰ কৰি তাৰ মাজে মাজে  মাত্ৰ এটা বা দুটা নতুন কাঠৰ টুকুৰাৰে নামমাত্ৰ মেৰামতি কৰি আৱন্টিত ধন হৰলুকী কৰাৰ অভিসন্ধি ৰচি থকাৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় যুৱক জোনাৱ আলীয়ে সাংবাদিকৰ আগত লুণ্ঠন সম্পৰ্কে মুখ খোলাত অৰ্ধ শতাধিক ৰাইজৰ মাজত জোনাব আলীক বিধায়ক খালেকৰ পালিত ঠিকাদাৰ ইমদাদ চৌধুৰী আৰু নছিউৰ ৰহমানে সন্ধিয়া মাৰধৰ কৰিবলৈ দলংৰ ওপৰতে গুণ্ডাগিৰিৰে হতাহতি আৰম্ভ কৰি পৰিবেশ উত্তপ্ত কৰি তোলে। পৰিবৰ্তনৰ শ্ল’গানেৰে শাসনলৈ অহা  বিজেপি চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক উক্ত দলংখনত সংঘটিত কৰা দূৰ্নীতিৰ চৰ জমিন তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শান্তি প্ৰৰদানৰ কাৰণে স্থানীয় লোকে দাবী জনাইছে।