সোণতলী, ১৯ অক্টোবৰঃ দক্ষিণ কামৰূপৰ সোণতলীৰ শেলেসুঁতিত এটা শিশুৰ পানীত পৰি মৃত্যু হোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য মতে, মাহতলীৰ জাকিৰ হুছেইনৰ আঢ়ৈ বছৰীয়া পুত্ৰ আমিনুল ইছলামে মাকৰ সৈতে শেলেসুঁতিৰ আইতাকৰ ঘৰত ফুৰিবলৈ আহি পানীত পৰি ম়ত্যু হয়৷ আমিনুলে সমনীয়াৰ সৈতে খেলি থাকোতে পুৱা প্ৰায় ৮বজাত ঘৰৰ ওচৰৰে পুখুৰী এটাত হঠাৎ পৰি যায়। আমিনুল পুখুৰীত পৰি যোৱাত সমনীয়া কেইটাই সহায় বিচাৰি চিঞৰ বাখৰ কৰে৷ চিঞৰৰ শব্দ শুনি চুবুৰীটোৰ মানুহ আহি পুখুৰীৰ পৰা আমিনুলক উদ্ধাৰ কৰি ততাতৈয়াকৈ সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে৷ চিকিৎসকে পৰীক্ষা কৰি শিশুটো মৃত বুলি ঘোষণা কৰে। আমিনুলৰ কৰুণ মৃত্যুৱে অঞ্চলজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।