ৰঙিয়া, ১১ ডিচেম্বৰঃ ৰঙিয়া ৰেল ষ্টেচনত ৰেল সুৰক্ষা বাহিনীয়ে সোমবাৰে তিনিগৰাকী নাবালিক কিশোৰীক উদ্ধাৰ কৰে। ইয়াৰে এগৰাকীৰ ঘৰ শোণিতপুৰ জিলাৰ মিছামাৰিত। মিছামাৰিৰ এই কিশোৰী গৰাকীক তিনি মানৱ সৰবৰাহকাৰীয়ে নৰ্থ ইষ্ট এক্সপ্ৰেছৰ জৰিয়তে বহিঃৰাজ্যলৈ নিয়াৰ পথত ৰেল সুৰক্ষা বাহিনীয়ে আটক কৰে। কিশোৰী গৰাকীৰ লগত আটক হোৱা মানৱ সৰবৰাহকাৰী কেইজন হল হৰিশ চন্দ্ৰ নিৰলা, মান্তৰি নিৰলা আৰু কৃষি ৰাম নিৰলা। আনহাতে ৰেল সুৰক্ষা বাহিনীয়ে বেংগলোৰ এক্সপ্ৰেছৰ পৰা গুৱাহাটীৰ নাৰেংগীৰ দুগৰাকী কিশোৰী উদ্ধাৰ কৰে। কিশোৰী দুগৰাকী গুৱাহাটীৰ পৰা ৰেল যোগে বেংগলোৰ গৈ থকা অৱস্থাত ৰঙিয়া ৰেল জাংচনত ৰেল সুৰক্ষা বাহিনীৰ কিশোৰী দুগৰাকী ওপৰত সন্দেহ হোৱাত দুয়োগৰাকীক জেৰা কৰি আটক কৰে। জানিব পৰা মতে দুগৰাকী কিশোৰীয়ে ঘৰৰ অজ্ঞাতে ঘৰৰ পৰা পলায়ন কৰি বেংগলোৰ যাবলৈ ওলাইছিল। সৌভাগ্যবশত কিশোৰী দুগৰাকী মানৱ সৰবৰাহকাৰী হাতত পৰাৰ আগতে ৰেল সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ শৈষম হল।