নলবাৰীৰ পৰা কৈলাশ ডেকা, সংবাদ ৩৬৫, ২২ এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শনিবাৰে নিশা অহা প্ৰচণ্ড ধুমুহা বৰষুণে তাণ্ডৱ সৃষ্টি কৰে। নলবাৰীত নিশাৰ ভাগত অহা ধুমুহা বৰষুণৰ ফলত জিলাখনৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষয় ক্ষতি হোৱা পৰিলক্ষিত হয়। নিশা প্ৰায় ৯ মান বজাত অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত পশ্চিম নলবাৰীৰ বিশেষকৈ নলিচা, বৰক্ষেত্ৰী, বৰ্ণিকে ধৰি বিভিন্ন অঞ্চলত কম বেছি পৰিমাণে ক্ষয় ক্ষতি হয় যদিও বৰ্ণিত বহু পৰিয়ালৰ ঘৰৰ টিনপাত বতাহে উৰুবাই লৈ যোৱাৰ লগতে কেইবাঠাইট প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত বিভিন্ন অঞ্চলত নিশাৰে পৰা বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে। ধুমুহা বৰষুণৰ ফলত অঞ্চলটোত বহু পৰিয়ালৰ ঘৰৰ টিনপাত উৰুৱাই নিয়াৰ ফলত মানুহৰ মাজত হাহাকাৰ লাগে। নলবাৰীৰ লগতে বৰপেটা জিলা আৰু গোৱালপাৰা জিলাৰো কিছু অঞ্চলত শনিবাৰে নিশা ধুমুহা বৰষুণে তাণ্ডৱ সৃষ্টি কৰে। বৰপেটাৰ বিভিন্ন অঞ্চলত ধুমুহাৰ ফলত প্ৰকাণ্ড গছৰ লগতে বৈদ্যুতিক খুটা বাগৰি পৰাত অঞ্চলসমূহত বিদ্যুৎ সংযোগ ব্যাহত হৈ পৰে।