গুৱাহাটী, ২০জুনঃ সততে শিক্ষাৰ অধিকাৰ আইনৰ কথা কোৱা আৰু ১৪ বছৰ বয়সলৈ প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা চৰকাৰী ঘোষনাৰ মাজতে খোদ গুৱাহাটী মহানগৰীৰ ১ নং ৱাৰ্ডৰ খানামুখ প্ৰাথমিক বিদ্যালয়খন  ধুমুহাত প্ৰায় ৯০ শতাংশ বিধ্বস্ত হোৱাত পাঠদান কাৰ্য ব্যাহত হৈ পৰিছে৷ যোৱা ২৮ এপ্ৰিলৰ নিশা অহা বিধ্বংসী ধুমুহাত পাঁচ কোঠালীযুক্ত অসম আৰ্হিৰ খানামুখ প্ৰাথমিক বিদ্যালয়খন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷ বিদ্যালয়খনৰ কাৰ্য্যালয়ৰ বাহিৰে বাকী চাৰিটা কোঠালী ধুমুহাত সৰ্ম্পূণ ৰূপে বিধ্বস্ত হয়৷ ধুমুহাৰ পিছদিনা বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই বিদ্যালয়খন পৰিদৰ্শন কৰি কামৰূপ জিলা উপায়ুক্তক ফোনযোগে পাঠদান কাৰ্যত যাতে ব্যাহত নহয় তাৰবাবে বিদ্যালয়খন শীঘ্ৰে মেৰামতি কৰিবলৈ নিৰ্দেশ দিছিল৷ কিন্তু বিধায়কৰ নিৰ্দেশৰ দুমাহৰ পিছতো জিলা প্ৰশাসন তথা শিক্ষা বিভাগে বিদ্যালয়খন পৰিদৰ্শন কৰি মেৰামতিৰ কাৰণে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে৷ পাঁচ কোঠালীযুক্ত বিদ্যালয়খনৰ চাৰিটা কোঠালীয়ে ধুমুহাত বিধ্বস্ত হোৱাত দুজনীয়া শিক্ষকেৰে পাঠদান চলা বিদ্যালয়খনৰ পাঠদানত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে৷ এটা কোঠালীত ৫১ জন ছাত্ৰ-ছাত্ৰীক প্ৰধান শিক্ষক আৰু সহকাৰী শিক্ষক জনে পাঠদান কাৰ্য চলাই আছে৷ কিন্তু এটা কোঠালীত ইমান সংখ্যাক ছাত্ৰ-ছাত্ৰী নধৰাত ক আৰু খ দুটা শ্ৰেণীত বিভক্ত কৰি পাঠদান কৰিব লগা হোৱাত বৰ্তমান পাঠদান বন্ধ হৈ আছে৷ বিদ্যালয়খনৰ পাঠদান কাৰ্য নিয়াৰীকৈ চলাবলৈ পাঁচ কোঠালী যুক্ত বিদ্যালয়খন পুনৰ নিৰ্মাণৰ কাৰণে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় লোকে বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাক ব্যৱস্থা গ্ৰহণৰ লগতে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী জনাইছে৷