গুৱাহাটী, ২১ ছেপ্টেম্বৰঃ গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ চমুকৈ আছাৰ উদ্যোগত প্ৰথম বাৰ্ষিক কৰম পূজা উদযাপন কৰা হয়৷ পুৱা ৮ বজাত কৰম পূজা আৰু আছাৰ পতাকা উত্তোলনৰ পিছতেই শ্বহীদ তৰ্পনেৰে কৰম পূজাৰ কাৰ্যসূচীৰ মুকলি কৰা হয়৷  উল্লেখ্য যে, কৰম পূজা চাহ জনগোষ্ঠীসকলৰ মাজত সকলৰ মাজত এক সাৰ্বজনীন, জনপ্ৰিয় আৰু কৃষিভিত্তিক পূজা। কৃষিকাৰ্য্যত যাতে প্ৰকৃতিৰ পৰা একো বাধা পোৱা নাযায় আৰু শস্যৰ উৎপাদন ভাল হয় সেই উদ্দেশ্যে এই পূজা পালন কৰা হয়। স্থানভেদে এই পূজা সামান্য পাৰ্থক্য থাকিলেও কৰম পূজাৰ মূল সম্বন্ধ প্ৰকৃতিৰ সৈতে। ভাদ আৰু আহিন মাহত সাতদিনীয়াকৈ কৰম পূজা পালন কৰা হয়। কৰম পূজাৰ জাৱা জগোৱা পূজাৰ আদিবাসী সকলৰ মাজত বিশেষ তাপৰ্য্য আছে৷ এই পূজাত সাধাৰণতে গাভৰুসকলে আগভাগ লয় আৰু তেওঁলোকক কৰমতী আখ্যা দিয়া হয়। পূজাৰ পাঁচ-সাতদিনৰ পৰা ব্ৰতত থাকি ঢোল, তাল, বাঁহী বজাই নৈবেদ্য সহকাৰে নৈৰ ঘাটলৈ গৈ গা ধুই, আৰতি কৰি লগত নিয়া নতুন পাচিত সকলোৱে একাঁজলিকৈ বালি ভৰাই কৰমতীসকলে নিয়া মাটিমাহ, বুটমাহ, মগুমাহ, ধান, বজৰা, সৰিয়হ ব্যক্তিগতভাৱে চিন ৰাখি সকলোৱে সিঁচি দিয়ে। নিৰ্দিষ্ট পূজাৰ দিনলৈ মাহ-সৰিয়হ আদিয়ে গঁজালি মেলা অৱস্থাটোক জাৱা বোলা হয়। শুক্লা একাদশী তিথিত পৰম আৰাধ্য দেৱতাক স্মৰণ কৰি পূজা আৰম্ভ কৰা হয়। এই পূজাত মূলত ধৰ্ম আৰু কৰ্মৰ জড়িয়তে মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰিবলৈ বিচৰা হয়। পূজাৰ বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ ঝুমুই গীত আৰু নৃত্য পৰিৱেশন কৰা হয়। ঐতিহাসিক তথ্য তথা আদিবাসী জনগোষ্ঠীসকলৰ মতে মোগলৰ অসম আক্ৰমণৰ সময়ত আদিবাসী মহিলাসকলে পুৰুষৰ পোছাক পৰিধান কৰি মোগলৰ লগত যুদ্ধ কৰি বিজয়ী হৈছিল৷ মহিলাসকলে যুদ্ধলৈ যোৱাৰ পূৰ্বে এজোপা বৰগছৰ তলত সন্তানসকলক থৈ গৈছিল৷ তেওঁলোকৰ বিশ্বাস অনুসৰি গছজোপাই তেওঁলোকৰ সন্তানক ৰক্ষণাবেক্ষণ দিছিল৷ সেয়ে আদিবাসী অবিবাহিত সাত গৰাকী যুৱতীয়ে সাতদিন ব্ৰত ৰাখি গছজোপাৰ পূজা কৰিছিল আৰু সেই পৰম্পৰা আজিও অব্যাহত আছে৷