গোপাল প্ৰসাদ

কোকৰাঝাৰ

১৬ অক্টোবৰ

অবৈধ অস্ত্ৰ সৰবৰাহ আৰু জালনোটৰ ব্যৱসায়ত জড়িত কেন্দ্ৰীয় বিদ্যালয়ৰ কৰ্মচাৰী। কোকৰাঝাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ এগৰাকী কৰ্মচাৰী অস্ত্ৰ সৰবৰাহ আৰু জালনোটৰ ব্যৱসায়ত জড়িত থকাকলৈ সৃষ্টি হৈছে ব্যাপক চাঞ্চল্য। কৰ্মচাৰী জনৰ কবলৰ পৰা উদ্ধাৰ পিষ্টল আৰু গুলী।

কোকৰাঝাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ কনিষ্ট সহায়ক নমলেশ দৈমাৰী অবৈধ অস্ত্ৰ সৰবৰাহ আৰু জালনোট ব্যৱসায়ত জড়িত হোৱাৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ঘটনাই জিলাখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে নমলেশ দৈমাৰী আৰু তেওঁৰ সহযোগী দিনদাংপাৰৰ দিগম্বৰ গয়াৰীৰ পৰা এটা পইণ্ট টুটু এমএম পিষ্টল আৰু তিনিজাঁই সজীৱ গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। কোকৰাঝাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ কৰ্মচাৰী নমলেশ দৈমাৰীৰ অন্য এজন সহযোগী পলায়ন কৰিবলৈ সক্ষম হৈছে।

কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীয়ে সদৰি কৰা মতে এক বিশেষ সূত্ৰ অনুসৰি কোকৰাঝাৰ আৰক্ষীয়ে এখন গাড়ীত অবৈধ অস্ত্ৰ আৰু জালনোট সৰবৰাহৰ তথ্য লাভ কৰে। সেইমতে আৰক্ষীয়ে বিটিচি সচিবালয়ৰ ওচৰত খাপ পিটি থাকে। নিদিষ্ট সময়ত নিদিষ্ট গাড়ীখন অহাত আৰক্ষীৰ দলটোৱে গাড়ীখনক অনুসৰণ কৰে আৰু গাড়ীখন কেন্দ্ৰীয় বিদ্যালয়ৰ কোৱাৰ্টাৰৰ লাইনত সোমাই যায়। আৰক্ষীয়ে গাড়ীখনত তালাচী চলোৱাত এটা পইণ্ট টুটু এমএম পিষ্টল আৰু তিনিজাঁই সজীৱ গুলী উদ্ধাৰ কৰাৰ লগতে প্ৰায় পাঁচ লাখ টকাৰ নকল নোট তৈয়াৰৰ বাবে প্ৰয়োজনীয় হোৱা উকা কাগজ জব্দ কৰে।

আৰক্ষীয়ে অবৈধ অস্ত্ৰ সৰবৰাহ আৰু জালনোট ব্যৱসায়ত জড়িত নমলেশ দৈমাৰী আৰু তেওঁৰ এজন সহযোগীক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুকি জানিব পৰা গৈছে। আনহাতে আৰক্ষীৰ অভিযানৰ সময়ত পলায়ন কৰা নমলেশ দৈমাৰীৰ অন্য এজন সহযোগীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।