গুৱাহাটী

১৬ অক্টোবৰ

অসমৰ পাট-মুগাক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস অসমৰ এগৰাকী যুৱ ফেশ্বন ডিজাইনাৰ পৰিস্মিতা দাসৰ। গুৱাহাটী মহানগৰীৰ বৰঝাৰস্থিত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত ‘হৃদয়’ৰ উদ্যাগত যুৱ ফেশ্বন ডিজাইনাৰ পৰিস্মিতা দাসৰ বিশেষ ফেশ্বন শ্ব। পৰিদৰ্শন কৰা হ’ল এটাৰ পিছত আনটো অসমৰ শিপিনীসকলে হাতে বোৱা পাট-মুগাৰ সাজ-পাৰ।

‘হৃদয়’ৰ উদ্যোগত অসমৰ এগৰাকী অতিকৈ প্ৰতিভা সম্পন্ন যুৱ ফেশ্বন ডিজাইনাৰ পৰিস্মিতা দাসৰ নেতৃত্বত বৰঝাৰস্থিত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত হয় অসমৰ শিপিনীসকলে হাতে বোৱা পাট-মুগাৰ বিভিন্ন সাজ-পাৰৰ এক বিশেষ ফেশ্বন শ্ব। ‘হৃদয়’ৰ উদ্যোগত অনুষ্ঠিত এই বিশেষ ফেশ্বন শ্ব’ত বিশ্বব্যাপী মহামাৰী কৰ’ণা ভাইৰাছৰ ফলত কোঙা হৈ পৰা ফেশ্বন উদ্যোগখনক পুনৰ এক সঠিক মাত্ৰা প্ৰদান কৰা দেখিবলৈ পোৱা যায়। অসমৰ পাট-মুগাক বিশ্বৰ দৰবাৰত উজ্বলাই তোলাৰ সমান্তৰালে কৰ’ণাৰ কুপ্ৰভাৱৰ পৰা টেক্সলাইন ইণ্ডাষ্টিক পুনৰ নতুন ৰূপত গঢ়ি তুলিবলৈ কটনলাইন আৰু হেণ্ডলুমৰ চিল্ক লাইনৰ দুটাকৈ কালেকচনৰ সাজ–পাৰ সমূহ নৰূপত প্ৰদৰ্শন কৰে মডেল সকলে। কৰ’ণাৰ পিছত প্ৰায় সাত মাহ পিছত অনুস্থিতি হোৱা এই মেগা ফেশ্বন শ্ব’ত উপস্থিত থাকে অভিনেত্ৰী নিশিতা গোস্বামী, ৰিম্পী দাস, প্ৰীতি কংকনাৰ লগতে অসমীয়া ছবি জগতৰ ভালে সংখ্যক কলা-কুশলী।

”হৃদয়’ হৈছে স্মাৰ্ট আৰু সময়হীন ডিজাইনৰ প্ৰয়োজনীয়তাৰ বাবে জন্ম হোৱা এক কলাকুশলী ৰেচম ব্ৰেণ্ড। ‘হৃদয়’ৰ প্ৰতিষ্ঠাপক মিছ পৰীস্মিতা দাসে ২০১৯ চনত হৃদয় আৰম্ভ কৰিছিল। অনুষ্ঠানত তেওঁ কয় যে “আমি অসমৰ ৰেচম সংৰক্ষণ কৰা আৰু ইয়াক সমকালীন ধৰণে পুনৰ ব্যাখ্যা কৰাৰ লক্ষ্য ৰাখি আহুৱাই যাব বিচাৰো। ব্ৰেণ্ড হিচাপে আমি লাভৰ ওপৰত দৃঢ়ভাৱে বিশ্বাস কৰো আৰু স্থানীয় সম্প্ৰদায়ৰ উৰ্ধতসহায় কৰো”।