লখিমপুৰৰ পৰা ইনজামামুল হক চৌধুৰী, সংবাদ ৩৬৫, ৯ জুন : অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ দোৰ্পাঙত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কুঁৱা খান্দিবলৈ গৈ মাটিৰ তলত জীৱন্তে পোত গ’ল চাৰিজন লোক। আৰক্ষী আৰু এছ ডি আৰ এফৰ জোৱানে উদ্ধাৰ কৰিলে দুজন লোকৰ মৃতদেহ। মাটিত তলত আৱদ্ধ হৈ আছে আৰু দুজন লোক, উদ্ধাৰ অভিযান অব্যাহত আছে।

লখিমপুৰ জিলাৰ সীমান্তৰ অসম-অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলাৰ দোৰ্পাঙত মঙলবাৰে সংঘটিত হৈছে এক ভয়াবহ ঘটনা ঘটনা। অঞ্চলটোৰ টেচি টানা নামৰ এজন লোকৰ ঘৰৰ পুৰণি কুঁৱা অধিক দ’কৈ খান্দিবলৈ গৈ টেচি টানাৰ পুত্ৰ টেচি কুজুম কুঁৱাৰ ভিতৰত আৱদ্ধ হৈ পৰাত টেচি কুজুমক উদ্ধাৰ কৰিবলৈ যোৱা আৰু তিনিজন লোক কুঁৱাৰ ভিতৰত মাটিৰ তলত আৱদ্ধ হৈ পৰে। টেচি কুজুম কুঁৱাৰ ভিতৰত নামি যোৱাত হঠাৎ কুঁৱাৰ মাটি খহি পৰে আৰু টেচি কুজুম কুঁৱাৰ ভিতৰত মাটিৰ তলত আৱদ্ধ হৈ পৰে। পিছত আৰু তিনিজনকৈ লোক কুঁৱাৰ পৰা টেচি কুজুমক উদ্ধাৰ কৰিবলৈ কুঁৱাৰ ভিতৰত নামিবলৈ ধৰাত কুঁৱাৰ মাটি আৰু অধিক খহিবলৈ ধৰে আৰু তিনিওজন লোক কুঁৱাৰ ভিতৰত পৰি মাটিৰ তলত আৱদ্ধ হৈ পৰে। ঘটনাৰ খবৰ পাই আৰক্ষী আৰু এছ ডি আৰ এফৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই দুজন লোকৰ মৃতদেহ কুঁৱাৰ ভিতৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়।

আৰক্ষী আৰু এছ ডি আৰ এফৰ জোৱান সকলে প্ৰায় ৬ ঘন্টা ধৰি উদ্ধাৰ অভিযান চলাই দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও বৰ্তমানেও দুজন লোক কুঁৱাৰ ভিতৰত আৱদ্ধ হৈ থকাৰ বাবে আৰক্ষী আৰু এছ ডি আৰ এফৰ লোকে অভিযান অব্যাহত আছে। মাটিত পোত যোৱা চাৰিজন লোকৰ ভিতৰত চাকমা সম্প্ৰদায়ৰ দুজন পিতা-পুত্ৰ শ্ৰমিকো আছে বুলি জানিব পৰা গৈছে।