মাজবাটৰ পৰা যতীন নাথ, সংবাদ ৩৬৫, ৯ জুন : ওদালগুৰি জিলাৰ ৩৯ নং পাচনৈ চেৰফাং বিটিচি পৰিষদীয় আৰু ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলগুৰি ভিচিডিচিৰ পাগলা নদীৰ ওপৰৰ থকা কাঠৰ দলং ভাঙি মঙলবাৰে এখন টেক্টৰ নদীত পৰে। স্থানীয় ৰাইজে আঘাতপ্ৰাপ্ত টেক্টৰ চালক জনক নদীৰ পৰা উদ্ধাৰ কৰি চিকিৎসলায়লৈ প্ৰেৰণ কৰে।

মঙলবাৰে ৰাতিপুৱা ৮ মান বজাত পাগলা নদীৰ ওপৰৰ থকা এখন জৰাজীৰ্ণ কাঠৰ দলংৰ ওপৰেৰে টেক্টৰ এখন পাৰ হ’বলৈ ধৰাত কাঠৰ দলংখন ভাঙি যোৱাত টেক্টৰসহ চিমলিগাঁৱৰ মোনথাই বসুমতাৰী নামৰ টেক্টৰ চালক জন নদীত পৰি যায়। হঠাৎ দলং ভাঙি চলকসহ ট্রেক্টৰ নদীত পৰি যোৱাত স্থানীয় ৰাইজে টেক্টৰ চালকক নদীৰ পৰা উদ্ধাৰ কৰে। জানিব পৰা মতে দুর্ঘটনাটোত টেক্টৰ চালক মোনথাই বসুমতাৰীৰ এখন হাত ভাঙি যায়। স্থানীয় ৰাইজৰ অভিযোগ মতে বিটিচি পৰিষদীয় চৰকাৰখনে যোৱা ১৫ টা বছৰ কেৱল উন্নয়নৰ ঢাক-ধোল বজাই আছে কিন্তু বাস্তৱ ক্ষেত্ৰত উন্নয়নৰ ছবি সম্পূৰ্ণ বেলেগ। যোৱা ১৫ বছৰে শাসনত থকা স্থানীয় কাৰ্যবাহী সদস্য গৰাকীৰ ভুমিকাকলৈও স্থানীয় ৰাইজ ক্ষুন্ন হৈ পৰে। যোৱা বছৰ স্থানীয় বিধায়ক গৰাকীয়ে বিধায়ক পুঁজিৰ পৰা দলংখন নিৰ্মাণৰ নামত প্ৰায় ৩০ লাখ টকা মুকলাই দিছিল যদিও এবছৰ সম্পূৰ্ণ নহওতেই দলংখন ভাঙি যোৱাত ৰাইজৰ মাজত সন্দেহ উপজিছে যে প্ৰকৃততে দলংখনৰ কাম সঠিক ভাৱে হৈছে যে নাই?স্থানীয় বিটিচিৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী আৰু মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়োৰ অমনোযোগীতা আৰু নিজৰ পচন্দৰ অনভিজ্ঞ ঠিকাদাৰক দলং নিৰ্মাণ কৰিবলৈ দিয়াৰ ফলতে ফুলগুৰিগাঁৱৰ ছয়খন গাঁৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।

বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়ে যে পাগলা নদীৰ কাষত নতুনকৈ নিৰ্মাণ কাম চলি থকা পকি দলংখনৰ নিৰ্মাণ এটা বছৰে সম্পূৰ্ণ নোসোৱৱটো8 আচাৰ্যজনক কথা। প্ৰাক্তন কাৰ্যবাহী সদস্য গৰাকীয়ে লগতে কয় অতি শীঘ্ৰে যাতে পকী দলং খনৰ নিৰ্মাণ কাৰ্য সম্পুৰ্ণ হয় তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰা হ’ব।