এইবাৰ কলকাতাৰ ৰেডিচ্যনত গ্লেমনেশন ট্ৰান্সজেন্ডাৰৰ ৰেম্পত খোজ

In কলা-সংস্কৃতি
Umra Package

কলকাতা, সংবাদ ৩৬৫, ১ ছেপ্টেম্বৰ: যোৱা ২৬ আগষ্ট দেওবাৰে কলকাতাৰ পঞ্চতাৰকা(ফাইভ ষ্টাৰ) হোটেল ৰেডিচ্যনত অনুষ্ঠিত হৈ যায় বছৰৰ অন্যতম ষ্টাইল ষ্টেটমেণ্ট ৰেম্প ৱাক গ্লেমনেশন চিজনৰ। এই অনুষ্ঠানত এইবাৰ মাত্ৰ ভাৰতেই নহয়, চুবুৰীয়া দেশ বাংলাদেশৰ পৰাও প্ৰসিদ্ধ ডিজাইনাৰেও সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ট্রেণ্ড-ওৱাই খ্যাত অৰ্ণব মোৰ্তুজা আলিকে ধৰি ঢাকা ষ্টাইল ফেষ্ট খ্যাত আদি অন্যতম ডিজাইনাৰৰ লগতে দিল্লীৰ মাজহাৰ ৰিজভি, ধানবাদৰ পৰা নিধি নয়ন, অসম, অৰুণাচল প্ৰদেশ, ৰাজস্থান, কলকাতাৰ পৰা মিতা দেৱনাথ, অঞ্জু হাজৰিকা, লিলি কাগো, অংকিত ডুগৰ প্ৰমুখ্যে প্ৰখ্যাত ফেশ্যন ডিজাইনাৰ আৰু কৰিঅগ্ৰাফাৰ কুশীলবেৰা আদি উপস্থিত আছিল। জাতীয় আৰু আন্তৰ্জাতিক স্তৰৰ জনপ্ৰিয়তাৰ শিখৰত থকা কলকাতাৰ ফেশ্যন ডিজাইনাৰ সকলো ফালৰ পৰাই অধিক দৃষ্টি আকৰ্ষণ কৰিছিল। ডুৰাণ দাস, ইশা সাউ, অনিমেষ পাল, শেখ বদিউদ্দিন, উদিতা চেতাৰ্জী, শ্ৰীলা সাহা, অনিতা দাস বসাক, শৰ্মিষ্ঠা মণ্ডল, ৰজনী ৰথী, শ্যামসুন্দৰ বাসু আদি প্ৰখ্যাত শিল্পী। আধুনিক, পৰম্পৰাগত আদি সকলো ধৰণৰ সাজপাৰেই অতি সাৱলীলভাৱে সজ্জাগত কৰি চলাই নিয়ে তাৰকা তথা জনপ্ৰিয় মডেল সকলে। দৰ্শকৰ দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল ঝুম, ইপ্সিতা, নেহা, আকাঙ্খা, অৰুপ দেৱ আৰু বহু প্ৰতিভাবান মডেল ৰেম্প ওৱাকাৰ সকলে। এছ আৰ গ্লেমাৰ এন্টাৰটেইণ্টমেণ্ট আৰু এছ বি এন্টাৰটেইণ্টমেণ্টৰ সন্মিলিত এই অনুষ্ঠানৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল মানৱ জীৱনৰ তৃতীয় লিংগৰ মানুহবিলাকক প্ৰতিদিনে প্ৰশিক্ষণ দি অহা প্ৰথম শাৰীত উন্নীত হোৱাৰ সুযোগ প্ৰস্তুত গঢ়া গ্ল্যামনেশন। প্ৰলয়, মাটি, স্বৰ্ণাঙ্গী, দেৱৰাজ, গুৰিয়া, তৃষা, শুভজিত, সৌৰভ, অবন্তিকাৰেও সমানেই খোজ মিলাইছিল ৰেডিচনৰ বৰ্ণাঢ্য মঞ্চত। মুম্বাই গ্লেমাৰ জগতৰ লেজেন্ড ডিজাইনাৰ তেজস গান্ধী, অভিষেক নাইয়া, আয়নিক ফেশ্যন একাডেমিৰ চি ই অ আছিফ হাছান আৰু মিছ ইণ্ডিয়া ইণ্টাৰনেশ্যনেল সুপৰ্ণা মুখাৰ্জীৰ নিপুন শৈল্পিক হাতেৰে প্ৰজ্বলিত হয় ৰিমলী সাহা আৰু সুজয় প্ৰমানিকেৰ ব্ৰেইণ্ড চাইল্ড কলকাতাৰ গৌৰৱ গ্ল্যামনেশন চিজনৰ সান্ধ্যদীপ।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu