লংকা, ৭ মেঃ হোজাই জিলাৰ নাম ডবকাৰ হিন্দু ব্লক মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনত বৃহত্তৰ নাগৰিক ঐক্য মঞ্চৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে এখন শিক্ষা সজাগতা সভাৰ আয়োজন কৰা হয়৷ শিক্ষাৰ দ্বাৰা সমাজ পৰিবৰ্তন কৰিব পাৰি৷ এই  নীতি সৰোগত কৰি বৰ্তমান অসমৰ পৰিস্থিতিত শিক্ষাৰ দ্বাৰা সমূহ লোকক একতাৰ ডোলেৰে বান্ধি সঠিক পথ প্ৰদৰ্শন কৰাৰ উদ্দেশ্যে হিন্দু ব্লক মধ্য ইংৰাজী বিদ্যালয়, জ্ঞান জ্যোতি জাতীয় বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়ৰ সহযোগত এই সজাগতা সভাৰ আয়োজন কৰা হয়৷ সভাৰ প্ৰথম দিনা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়৷ দ্বিতীয় দিনা আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ বিশিষ্ট সমাজসেৱক বদৰুল ইছলামৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত দেশৰ বৰ্তমান পৰিস্থিতিৰ লগতে বৰ্তমান শিক্ষা ব্যৱস্থাত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ ভূমিকা ওপৰত আলোচনা কৰা হয়৷ সভাপতিয়ে ভাষণত জ্ঞানৰ দ্বাৰাই দেশৰ উন্নতি আৰু শিক্ষাৰ দ্বাৰাই সমাজৰ অপ-সংস্কৃতি ৰোধ কৰিব পাৰি বুলি মন্তব্য কৰে৷ সভাত উপস্থিত থকা বিশিষ্ট ব্যক্তি ক্ৰমে হাজী আনফৰ আলী কলেজ অধ্যাপক মামুন আজম বৰভূঞা, হোজাই জিলা হাইস্কুল শিক্ষক সন্থাৰ সভাপতি আব্দুল জলিল পাঠোৱাৰি,  নীলবাগান জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল চালামে বক্তব্য দাঙি ধৰে৷ সভাৰ উদ্দেশ্য বাখ্যা কৰে অঞ্চলৰ সচেতন যুৱক চাইদুল হকে৷