কোকৰাঝাৰ, ৮ মেঃ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিযুক্তি পত্ৰ দিলে ১,১৩৪ গৰাকী টেট শিক্ষকক। নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ পদত নিযুক্তি দিয়া হয় এই ১,১৩৪ গৰাকী শিক্ষকক। কোকৰাঝাৰৰ বডৌফা সাংস্কৃতিক প্ৰেক্ষাগৃহত বিটিচি প্ৰধান গৰাকীয়ে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূৰ বাবে এই টেট শিক্ষকসকলক নিযুক্তি পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত হাগ্ৰামা মাহিলাৰীকে ধৰি বিটিচিৰ উপ মুখ্য কাৰ্যবাহী খাম্পা বৰ্গয়াৰী, বিটিচিৰ মুখ্য সচিব বীৰেন চন্দ্ৰ ফুকন আৰু বিধায়ক কমল সিং নাৰ্জাৰী উপস্থিত থাকে।