লংকা, ৭ মেঃ লংকাৰ বামুনগাঁৱত বামুন গাওঁ পিপল পুখুৰী আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত অহা ১২ আৰু ১৩ মে’ত দুদিনীয়া কাৰ্যসূচীৰে গগণা ২০১৭ শীৰ্ষক ৰঙালী বিহু সন্মিলনীৰ আয়োজন কৰা হৈছে৷ কাৰ্যসূচী অনুসৰি, ১২ মে’ত পুৱা বিহু পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে দিনজোৰা কাৰ্যসূচীৰে খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ সেইদিনা নিশা ৯ বজাৰ পৰা গগণা ২০১৭ বিহুৰাণী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে৷ বিহুৰাণী প্ৰতিযোগিতাৰ বিজয়ীক নগদ ৫০,০০১ টকা পুৰস্কাৰ দিয়া হ’ব৷ সন্মিলনৰ দ্বিতীয় দিনা অৰ্থাৎ ১৩ মে’ত দিনজোৰা কাৰ্যসূচীৰে খেল ধেমালি,কবিতা আবৃত্তি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা লগতে নিশা ৮ বজাত জনপ্ৰিয় কণ্ঠশিল্পী স্বৰাজ আৰু অংকিতাৰ সংগীতানুষ্ঠান অনুষ্ঠিত হ’ব৷ বামুন গাঁৱৰ বিহু মঞ্চৰ বাকৰিত অনুষ্ঠিত হ’ব লগীয়া ৰঙালী বিহু সন্মিলনৰ সমূহ কাৰ্যসূচীত বিহু প্ৰেমী ৰাইজৰ সহায় সহযোগিতা আয়োজক সমিতিৰ সভাপতি দীপেন তালুকদাৰ আৰু সম্পাদক প্ৰণৱজ্যোতি ভূঞাই কামনা কৰিছে৷ গগণা ২০১৭ বিহুৰাণী প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইচ্ছুক ব্যক্তিয়ে ৮৪৮৬৫-৫৫৫০২ আৰু ৯৪৩৫৫-৮০৯১১ নম্বৰত যোগাযোগ কৰিব পাৰে৷