সোণাপুৰৰ পৰা পঙ্কজ ডেকা, সংবাদ ৩৬৪৫, ২ জুনঃ ক্ষেত্ৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰদীপ কুমাৰ নাথৰ দুৰ্নীতিয়ে সকলো সীমা অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন কৰি ডিমৰীয়াৰ কেইবাটাও দল সংগঠনে অতি শীঘ্ৰে আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ নাথক নিলম্বনৰ দাবী জনাইছে। ডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি যতিন্দ্ৰ নাথ ডেকা আৰু সাধাৰন সম্পাদক দিপু জেনা শৰ্মাই এক প্ৰেছ বিবৃতিৰ জৰিয়তে জানিব দিয়া যে প্ৰায় তিনি মাহ পূৰ্বে ক্ষেত্ৰী আৰক্ষী চকীৰ দায়িত্ব ভাৰ গ্ৰহন কৰাৰ পিছৰ পৰা প্ৰদীপ কুমাৰ নাথে আৰক্ষী চকীলৈ অহা যি কোনো গোচৰত গোচৰীয়া আৰু পদকীয়া উভয়ৰে পৰা বৃহৎ পৰিমানৰ উৎকোচ লৈ দুৰ্নীতিৰ বজাৰ খুলিছে। কয়লা, শিল, বালি, কাঠ, পাহাৰৰ ৰঙা মাটি খননৰ অবৈধ বেহা চলাবলৈ প্ৰতিমাহে লাখে লাখে টকা সংগ্ৰহ কৰাৰ লগতে যিসকলে মাহেকীয়া ধন আদায় নিদিয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ওপৰি সাধাৰণ ৰাইজকো ভীতি প্ৰদৰ্শন কৰি আহিছে। শেহতীয়া ভাৱে কয়লাৰ চিণ্ডিকেটৰ বিৰুদ্ধে চলোৱা অভিযানত ৰৌ-বৰালী কিয় সাৰি গ’ল সেয়াও প্ৰশ্ন উত্থাপন কৰে সংগঠনটোৱে। আনহাতে শেহতীয়াকৈ যোৱা ৩০ মে’ৰ নিশা আৰক্ষী বিষয়া গৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তিনিটা শাৰীত দুৰ্ঘটনাগ্ৰস্ত গাড়ী ৰখাই থোৱাৰ ফলত মানুহে বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া পৰিস্থিতি সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষী চকীত মৌখিক অভিযোগ দাখিল কৰিবলৈ যোৱা দুজন যুৱকক প্ৰদীপ কুমাৰ নাথে মাৰ পিত কৰি থানাতে নিশাটো আৱদ্ধ কৰি ৰাখি এক লাখ টকাৰ মুক্তিপন দাবী কৰে আৰু ধন দিয়াৰ অক্ষমতা প্ৰকাশ কৰাত দুয়োজন যুৱকক মনে সজা অভিযোগেৰে ক্ষেত্ৰী আৰক্ষী চকীৰ এজন কনিষ্টবলক হতুৱাই প্ৰদীপ কুমাৰ নাথে এখন এজাহাৰ দাখিল কৰাতে শান্ত নাথাকি দেশৰ সৰ্বোচ্ছ ন্যায়ালয়ৰ আদেশকো ভেঙুচালি দেখুৱাই যুৱক দুজনক দূধৰ্ষ অপৰাধীৰ দৰে হাতত হেণ্ডকাফ লগাই জেল হাজোতলৈ প্ৰেৰন কৰে। ইপিনে এই ঘটনা সন্দৰ্ভত ৩১ মে’ৰ দিনা যুৱক দুজনৰ অভিভাৱকে প্ৰদীপ কুমাৰ নাথৰ বিৰুদ্ধে কৰ্তব্যৰত হৈ থকাৰ সময়ত সুৰামত্ত হৈ শাৰীৰিকভাৱে প্ৰহাৰ কৰা, আৰক্ষী বিষয়া গৰাকীয়ে যুৱক দুজনৰ মুক্তিৰ বিনীময়ত ধন দাবী কৰা আৰু আৰক্ষীয়ে আইন উলংঘা কৰা সন্দৰ্ভত ক্ষেত্ৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে যদিও এজাহাৰ দাখিলৰ ৪৮ ঘন্টা উকলি যোৱাৰ পিছতো নিজৰ মই মতালিৰে কোনো ধৰনৰ গোচৰ পঞ্জিয়ন নকৰাৰো অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে দুৰ্নীতিগ্ৰস্ত বিষয়াজনৰ নিলম্বনৰ লগতে উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবীৰে শুক্ৰবাৰে মহানগৰ আৰক্ষী আয়ুক্ত হিৰেন নাথৰ লগতে আৰক্ষী দায়বদ্ধতা আয়োগক আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা, ডিমৰীয়া জিলা ট্ৰাইবেল সংঘ, কাৰ্বি ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিমৰীয়া আঞ্চলিক সমিতি, সদৌ ডিমৰীয়া বড়ো কচাৰী যুৱ ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিমৰীয়া সমিতি, সদৌ ডিমৰীয়া যুৱ ছাত্ৰ সন্থা আৰু অসম সংগ্ৰামী যুৱ ছাত্ৰ সন্থাকে প্ৰমূখ্য কৰি কেইবাটাও সগঠনৰ প্ৰায় শতাধিক বিষয় ববীয়াই সাক্ষাৎ কৰি লিখিত অভিযোগ দাখিল কৰিছে। এতিয়া আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহন কৰা হ’ব সেয়াহে হ’ব লক্ষণীয়।