ক্ষেত্ৰীৰ পৰা পঙ্কজ ডেকা, সংবাদ ৩৬৫,২ জুনঃ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত তেতেলীয়াৰ ৰজাখাটৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে বিয়লি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰাপ্ত তথ্য মতে জাগীৰোডৰ পৰা গুৱাহাটী অভিমূখে আহি থকা এএছ-০১-ডিপি-৪১৯৫ নম্বৰৰ এখন তীব্ৰ বেগী মাৰুতি ছুজুকি বেলেনো বাহন নিয়ন্ত্ৰন হেৰুৱাই ঘাইপথৰ পৰা প্ৰায় এশ মিটাৰ নিলগত চিটিকি পৰাত গাড়ীখন সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে গাড়ীখনত থকা পাছজন লোকৰ ভিতৰত তিনিজন লোক গুৰুত্বৰ ভাবে আহত হোৱাৰ বিপৰীতে দুজন লোক সামান্য পৰিমানে আহত হয়। বৰ্তমানলৈকে দুৰ্ঘটনাটোত আহত হোৱা লোক কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও লোক কেইজন গুৱাহাটীৰ পাঞ্জাবাৰীৰ বুলি জানিব পৰা গৈছে। দুর্ঘটনাৰ খবৰ পাই ক্ষেত্ৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত আহত যুৱক কেইজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।