গুৱাহাটীত অনুষ্ঠিত হব অষ্টম থিয়েটাৰ অলিম্পিক

In কলা-সংস্কৃতি, ৰাজ্য

গুৱাহাটী, সংবাদ ৩৬৫, ৬ মাৰ্চ: বিশ্বৰ সৰ্ববৃহৎ নাট্য মহোৎসৱ অষ্টম থিয়েটাৰ অলিম্পিক অনুষ্ঠিত কৰাৰ বাবে সাজু হৈ উঠিছে মহানগৰী গুৱাহাটী। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে ভাৰতত পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা থিয়েটাৰ অলিম্পিক ভাৰত চৰকাৰৰ সংস্কৃতিক মন্ত্ৰালয়ৰ নেতৃত্বত আৰু অসম চৰকাৰৰ সহযোগত অহা ১১ মাৰ্চৰ পৰা ২৫ মাৰ্চলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হব। ১১ মাৰ্চৰ সন্ধিয়া ৬ বজাত অনুষ্ঠিত হব লগা উদ্ধোধনী অনুষ্ঠানত মুখ্য অথিত হিচাপে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল। মুখ্যমন্ত্ৰীৰ উপৰিও অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, পদ্মভূষণ জাহ্নু বৰুৱা আৰু পদ্মশ্ৰী নৃত্যচাৰ্য যতীন গোস্বামীও উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানত। এই বৃহৎ নাট্য মহোৎসৱত গুৱাহাটীবাসীৰ লগতে ৰাজ্যবাসীয়ে ১৫ খনকৈ সু-ৰুচিপূৰ্ণ নাটক উপভোগ কৰাৰ সুযোগ লাভ কৰিব।

Comments

comments

You may also read!

লাখ লাখ ভক্তৰ সমাবেশেৰে উজ্বলিব নীলাচলৰ বুকু : অম্বুবাচী মেলা উপলক্ষে চাৰিদিনৰ বাবে নিষিদ্ধ হ’ব ডিজি, এমজি ৰোডত বাছৰ চলাচল

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুন : কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্ৰশান্ত

Read More...

ড্ৰাগছৰ বিৰুদ্ধে মহানগৰীৰ শিক্ষানুষ্ঠানসমূহত সজাগতা বৃদ্ধিৰ প্ৰচেষ্টাৰে অসম আৰক্ষীৰ সজাগতা সভা : ছাত্ৰ-ছাত্ৰীক ড্ৰাগছৰ পৰা আঁতৰি থাকিবলৈ আহ্বান

গুৱাহাটী, সংবাদ ৩৬৫, ১৯ জুন : মহানগৰীৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান বি বৰুৱা মহাবিদ্যালয়ত বুধবাৰে অসম আৰক্ষীৰ শীর্ষ বিষয়াৰ উপস্থিতিত

Read More...

ৰাষ্ট্রীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্তক সহায়ৰ হাত যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গৰ

নিউজ ডেস্ক , সংবাদ ৩৬৫, ১৯ জুন : কৰ্মৰে মহানুভৱতাৰ পৰিচয় দিলে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে। ৰাষ্ট্রীয়

Read More...

Mobile Sliding Menu