কোকৰাঝাৰ, সংবাদ ৩৬৫, ৬ মাৰ্চ: বিটিচিৰ ভূমি নীতিৰ বিৰুদ্ধে মঙলবাৰে সন্মিলিত সংগঠন সমন্বয়ৰক্ষী সমিতিয়ে পূৱ ৫ বজাৰ পৰা জনোৱা ২৪ ঘন্টাৰ বিটিএডি বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখিবলৈ পোৱা যায় পশ্চিম অসমত। কোকৰাঝাৰ জিলাৰ চৰাইখোলাত বন্ধ সমৰ্থকে ছফিউৰ ৰহমান নামৰ এজন অটো চলাকক অটোসক জ্বলাই দিয়াৰ চেষ্টা কৰাত অটো চলকজন গুৰুত্বৰভাবে আহত হয়। কোকৰাঝাৰৰ গোসাঁইগাঁও মহকুমাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰাৰ লগতে অসম বংগ সীমান্তৰ শ্ৰীৰামপুৰত আবদ্ধ হৈ পৰে কেইবা হাজাৰ বাহন। কোকৰাঝাৰৰ আমগুড়িত বন্ধ সমৰ্থকে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাত যান বাহন চলাচল ব্যাহত হোৱাত স্তব্ধ হৈ পৰিছে জনজীৱন। চিৰাঙ জিলাতো বন্ধৰ মাজতে সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা। চিৰাঙ জিলাৰ চাম্বা ব্ৰীজত তিনিখনকৈ বাহনৰ ওপৰত বন্ধ সমৰ্থকে আক্ৰমণ চলায়। চলন্ত বাহত বন্ধ সমৰ্থকে শিল নিক্ষেপ কৰাত বাহনৰ ক্ষতি সাধন হোৱাৰ লগতে বাহন চলক কেইজন আহত হয়। আহত বাহন চলক কেইজনক চিকিৎসাৰ বাবে হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে। বাক্সা জিলাৰ তামুলপুৰতো বন্ধ সমৰ্থকে কেইবাখনো বাহন ভাঙি লণ্ডভণ্ড কৰে। গুৱাহাটীৰ পৰা দৰঙামেলালৈ যাত্ৰা কৰি থকা অৱস্থাত বন্ধ সমৰ্থকে তামুলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পাৰ্বতী চকত এখন মেজিক ভেনত আক্ৰমণ চলায়। উল্লেখ্য যে, বিটিচি চৰকাৰৰ শেহতীয়া ভূমি নীতিৰ প্ৰতিবাদত আক্ৰছু, গোর্খা ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, চাওঁতাল ছাত্ৰ সন্থাৰ লগতে কেইবাটাও ছাত্ৰ সংগঠনে মঙলবাৰে ২৪ ঘণ্টা বিটিএডি বন্ধৰ আহ্বান জনাইছিল।