কলগাছিয়া, সংবাদ ৩৬৫, ৭ মাৰ্চ: পৰিৱৰ্তন আৰু উন্নয়নৰ কথা কৈ ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা বিজেপি চৰকাৰখন ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত কিমান গুৰুত্ব প্ৰদান কৰিছে সেইয়া ৰাজ্যৰ পথসমূহৰ অৱস্থা দেখিলেই বুজিব পাৰি। উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ পথসমূহৰ অৱস্থা দিনক দিনে শোচনীয় হবলৈ ধৰিছে। এজাক বৰষুণ দিলেই পথৰ ওপৰত থকা গাত সমূহত একাঁঠু পানী জমা হৈ পৰাত যাতায়তৰ ক্ষেত্ৰত ৰাইজ নৰক যন্ত্ৰণা ভুগিব লগা হয়। নামনি অসমৰ বৰপেটা জিলাৰ পথসমূহৰ অৱস্থা ৰাজ্যৰ ভিতৰতে আটাইতকৈ শোচনীয় বুলি কব পাৰি। বৰপেটা জিলাৰ পথসমূহৰ শোচনীয় অৱস্থা থকা পথসমূহ নিৰ্মাণৰ দাবীত বুধবাৰে কলগাছিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে গ্ৰহণ কৰিলে প্ৰতিবাদী কার্যসূচী। কলগাছিয়াৰ ৰাজপথৰ ওপৰত থকা গাত সমূহত জমা হোৱা পানীত মাছ ধৰি প্ৰতিবাদ সাব্যস্ত কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে কলগাছিয়াৰ স্থানীয় ব্যৱসায়ীসকল। কলগাছিয়া চিনেমা হল মাৰ্কেটৰ সন্মুখত এজাক বৰষুণতে পথৰ ওপৰত থকা গাত সমূহত একাঁঠু পানী ভৰি পৰাত যাতায়াতৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভুগিছে স্থানীয় ৰাইজ। শীঘ্ৰে এই পথটো মেৰামতি কৰাৰ দাবী জনাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে পথৰ ওপৰত মাছ মাৰি স্থানীয় বিধায়কৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। শীঘ্ৰে এই পথটো মেৰামতি নকৰিলে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত লোৱাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।