বিশ্বনাথ চাৰিআলিৰ, সংবাদ ৩৬৫, ১৯ এপ্ৰিল : মানিকপুৰৰ বেচিমাৰিত গাড়ীৰ চালকক গৰুচোৰ বুলি অভিযোগ কৰি চালকক মাৰপিট জ্বলাই দিলে গাড়ী। চালকজন কলগাছিয়াৰ দাবনদীয়া গাঁওৰ মাইন উদ্দীন।

বিশ্বনাথ চাৰিআলিৰ আমানৱীয় ঘটনাৰ পিছত এইবাৰ বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেচিমাৰী গাঁওত সংঘটিত হৈছে আন এক ঘটনা। এইবাৰ মাংস বিক্ৰীৰ বাবে নহয়। এইবাৰ মুছলিম সম্প্ৰদায়ৰ এজন চালকক দাবী কৰা ২০ হেজাৰ টকা চান্দা নিদিয়াৰ বাবেই গৰু চোৰৰ অভিযোগ আনি মাইন উদ্দীন নামৰ এজন চালকক মাৰপিট কৰি এ-এছ-১৫এচি-১৭৬০ নম্বৰ চোটা হাতী গাড়ী জ্বলাই দিয়ে।

উল্লেখ্যে যে, মাইন উদ্দীন নামৰ গাড়ীৰ চালকে বঙাইগাঁও জিলাৰ বাংলাপাৰাত চিমেণ্ট নমাই ঘৰলৈ আহি থকা অৱস্থাত বেচিমাৰী চকত নিশা ৮:৩০ মান বজাত কেইজনমান উদণ্ড যুৱকে গাড়ীখন ৰখাই মাইন উদ্দীনক সোধপোচ কৰে। নাম শুনাৰ পিছতেই বিভিন্ন গালি গালাছ পাৰি ২০ হেজাৰ টকা চান্দা বিচাৰে। চান্দা দিব নোৱাৰাত গৰু চোৰ বুলি মাৰপিট কৰি গাড়ীখন জ্বলাই দিয়ে। পিছত মানিকপুৰ আৰক্ষীৰ উদ্যোগত মাইন উদ্দীনক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰা হৈ আছে। ৰাইজেই ইয়াৰ উচিত ন্যায়ৰ দাবী উত্থাপন কৰিছে।