তিতাবৰ, সংবাদ ৩৬৫, ২৭ জুনঃ যোৰহাট জিলাৰ তিতাবৰৰ পাণবাৰী নাৰায়ণপুৰ চাহ বাগিচাৰ ৰমেশ মির্ধা নামৰ এগৰাকী ২৪ বছৰীয়া চাহ শ্ৰমিক বাগিচা কৰ্তৃপক্ষৰ চুড়ান্ত গাফিলতিৰ বাবে মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভাস্কৰ জ্যোতি বৰুৱা মালিকণাধীন তিতাবৰৰ পাণবাৰীৰ নাৰায়ণপুৰ চাহ বাগিচাৰ ৰমেশ মিৰ্ধা বুধবাৰে পুৱাৰ ভাগত হঠাৎ গুৰুত্বৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ৰমেশ মিৰ্ধাক চিকিৎসাৰ বাবে চাহ বাগিচাৰ প্ৰশাসনক চিকিৎসক আৰু এম্বুলেন্স বিচাৰিছিল যদিও বাগিচা প্ৰশাসনে অসুস্থ শ্ৰমিক জনক এই সুবিধা প্ৰদান নকৰাত দুৰ্ভগীয়া চাহ শ্ৰমিক গৰাকীক বহু পলমকৈ পৰিয়ালৰ লোকে তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও যাত্ৰা পথতে শ্ৰমিক গৰাকীয়ে মৃত্যুক সাৱটি ল’ব লগা হয়। বাগিচা প্ৰশাসনৰ চুড়ান্ত গাফিলতিৰ বাবে চিকিৎসাৰ অভাৱত অকাল মৃত্যুক সাৱটি লোৱা চাহ শ্ৰমিক গৰাকীৰ মৃত্যুৰ উচিত তদন্তৰ লগতে মৃতকৰ পৰিয়ালক পৰ্যাপ্ত পৰিমাণৰ ক্ষতিপূৰণ দিয়াৰ দাবীত বাগিচাখনৰ সহস্ৰাধিক চাহ শ্ৰমিকে বাগিচাৰ পৰিচালক মুৰাৰী প্ৰসাদ শইকীয়া আৰু সহকাৰী পৰিচালক প্ৰীতম হাতীবৰুৱাক বাগিচাৰ কাৰ্যালয়ৰ এটি কোঠাত তলাবন্ধ কৰি আবদ্ধ কৰি ৰাখে। পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত বাগিচাখনত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক আহি প্ৰতিষ্ঠিত নিয়ন্ত্ৰণৰ কৰাৰ চেষ্টা কৰে। উল্লেখ্য যে বাগিচাখনত ইয়াৰ পূৰ্বতেও বহু কেইগৰাকী শ্ৰমিক উপযুক্ত চিকিৎসাৰ অভাৱত অকাল মৃত্যু সাৱটি লগা ঘটনা সংঘটিত হৈছে। অসম চাহ জনজাতি ছাত্ৰ সন্থাই সমগ্ৰ বিষয়টোৰ ওপৰত এটি উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ লগতে অভিযুক্ত পৰিচালক কেইজনক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে। জানিব পৰা মতে মঙলবাৰে নিশা ৰমেশ মিৰ্ধাই বাগিচাখনৰ হৈ গাঁওৰক্ষী বাহিনীৰ পহৰাৰ দায়িত্বত আছিল।