চৰাইদেউ, সংবাদ ৩৬৫, ২৫ জুনঃ চৰাইদেউ জিলাৰ সাপেখাতীত দেওবাৰে মাজনিশা এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত নিমিষতে জাঁহ যায় পাচঁখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান লগতে এটি বাসগৃহ। কৃপা ফাৰ্ণিছাৰ, মনি নমশুদ্ৰৰ হোটেল, যোগেন আৰন্ধৰাৰ এখন কাহঁৰ বাচনৰ দোকানৰ লগতে কাষতে লাগি থকা এটা বাস গৃহ, ৰাজু দেৱৰ কাপোৰৰ দোকান আৰু মজিবুৰ ৰহমানৰ বৈদ্যুতিক সামগ্ৰীৰ ব্যৱসায়ীক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে জুঁইত জাঁহ যায়৷ অগ্নিকাণ্ডৰ ফলত প্ৰায় ৮০ লক্ষাধিকতকৈ অধিক টকাৰ সা- সামগ্ৰীৰ ক্ষতি হোৱা বুলি জানিব পৰা হৈছে ৷ অগ্নিকাণ্ডৰ সূত্ৰপাতৰ প্ৰকৃত কাৰণ বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও নমশুদ্ৰৰ হোটেলৰ পৰাই জুঁইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে৷ অগ্নিকাণ্ডৰ ফলত তিনিটাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাত অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰাত নিমিষতেই ছাঁই হয় পাচঁখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। স্থানীয়লোকে পানী ঢালি জুঁই নিৰ্বাপন কৰিবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও অৱশেষত সোণাৰি আৰু বৰহাটৰ পৰা অহা দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুঁই নুমুৱাবলৈ সক্ষম হয়৷