শিমলুগুৰিৰ পৰা নেকিবুল হক, সংবাদ ৩৬৫, ২ জুলাইঃ শিৱসাগৰ জিলাৰ নাজিৰাত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত এজন শিক্ষক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। জানিব পৰা মতে ঐতিহাসিক গড়গাঁৱৰ কাৰেংঘৰৰ সমীপত অৱস্থিত গড়গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীক বিদ্যালয়খনৰ শিক্ষক তৰুণ গগৈয়ে বিগত ছয়মাহ ধৰি বিভিন্ন অশ্লীল ইংগিত দিয়াৰ লগতে যৌন অতিশয্যা চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ছাত্ৰী গৰাকীয়ে। শিক্ষক জনে ছাত্ৰী গৰাকীক যৌন নিৰ্যাতন চলাই অহাৰ কথা ছাত্ৰী গৰাকীয়ে অভিভাৱকক অৱগত কৰাত অভিভাৱকে লম্পত শিক্ষক জনৰ বিৰুদ্ধে শিমলুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত শিমলুগুৰি আৰক্ষীয়ে শিক্ষক তৰুণ গগৈক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে৷ শিক্ষাগুৰুৰ হাতত এগৰাকী ছাত্ৰী যৌন নিৰ্যাতনৰ বলি হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷