ডেকাথল্‌ন কিপষ্টা কাপ’ ফুটবল টুৰ্ণামেণ্ট

In ক্ৰীড়াংগন

গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুনঃ সমগ্ৰ বিশ্ব ফুটবল উন্মাদনাত বুৰ যোৱাৰ মাজতে অহা ৭ আৰু ৮ জুলাইত গুৱাহাটীৰ আজাৰাত অনুষ্ঠিত হ’ব ‘ডেকাথল্‌ন কিপষ্টা কাপ’ ফুটবল টূৰ্ণামেন্ট৷ ফুটবলক অধিক জনপ্ৰিয় কৰাৰ উদ্দেশ্যে আৰু খেলুৱৈসকলক ফুটবলৰ এই চমু কিন্তু আকৰ্ষণীয় ফৰমেটত প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ দিবলৈ ‘ডেকাথল্‌ন’ চৌহদত ‘স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেন্ট’ৰ সহযোগ আৰু ‘এয়াৰটেল টিভি’ৰ পৃষ্ঠপোষকতাত হ’ব লগা এই ফাইভ এ ছাইড ফুটবল প্ৰতিযোগিতাত মুঠ ৩০০০০ টকা মূল্যৰ পুৰস্কাৰ থাকিব৷ প্ৰতিটো দলত কমেও ৭ গৰাকী খেলুৱৈ থাকিব লাগিব৷ গুৱাহাটী চিটী এফ চি (জিচিএফচি)ৰ লগতে ইগুৱা পেকেজ্‌ড ৱাটাৰ আৰু দ্য নিউজমিলেও সহযোগ আগবঢ়োৱা এই প্ৰতিযোগিতাত যোগদানৰ বাবে আগ্ৰহী দলসমূহে ৯৭০৬০৫১২২৭ অথবা ৭০০২৮৬৫৮৬৬ নম্বৰত যোগাযোগ কৰিব পাৰে বা ডেকাথল্‌ন, স্প’ৰ্টছক্ৰাফ্‌ট মেনেজমেন্ট আৰু জিচিএফচৰ ফেচবুক-টুইটাৰ-ইনষ্টাগ্ৰাম একাউন্ট চাব পাৰে।

Comments

comments

You may also read!

গুৱাহাটীত উপস্থিত ৱেষ্ট ইণ্ডিজৰ দল: ২১ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল

গুৱাহাটী, সংবাদ ৩৬৫, ২১ অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱৰ আনন্দৰ উখল-মাখল পৰিবেশৰ লগতে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু ৱেষ্ট

Read More...

গুৱাহাটী ৰে’ল আৰক্ষীৰ জালত ৩১ টাকৈ বাংলাদেশী

গুৱাহাটী, সংবাদ ৩৬৫, ১৫ অক্টোবৰ: এজন, দুজন নহয় ৩১ টাকৈ বাংলাদেশী সোমবাৰে ৰে'ল আৰক্ষীৰ জালত পৰিল। সোমবাৰে ৰাতিপুৱা গুৱাহাটী ৰে'ল

Read More...

ক্ৰীড়া জগতলৈ অন্য এক সুখবৰ : শৰীৰ চৰ্চাৰ মিষ্টাৰ ৱৰ্ল্ড খেলিবলৈ ইউৰোপলৈ উৰা মাৰিব বকোৰ গোলাপ ৰাভাই

বকো, সংবাদ ৩৬৫, ১৫ অক্টোবৰ: স্বৰ্ণকন্যা হিমা দাসৰ পাছত এইবাৰ ক্ৰীড়া জগতলৈ অন্য এক সুখবৰ কঢ়িয়াই আনিলে শৰীৰ চৰ্চাৰ

Read More...

Mobile Sliding Menu