মিৰ্জা, সংবাদ ৩৬৫, ২৫ ছেপ্টেম্বৰ: কেন্দ্ৰত তথা ৰাজ্যত বিজেপি চৰকাৰ গঠন হৈ চৰকাৰৰ ঠিকেই পৰিৱৰ্তন হ’ল কিন্তু ৰাজ্যৰ ৰাস্তা ঘাটৰহে একো পৰিবৰ্তন ন’হল। ৰাজ্যৰ ৰাস্তা ঘাটৰ দুৰৱস্থা যেন আজিও উন্নত হৈ নুঠা পৰিলক্ষিত হ’ল মিৰ্জা-পলাশবাৰী-ৰাজাপাৰা সংযোগী জৰাজীৰ্ণ পথটি। দীৰ্ঘদিন ধৰি উক্ত পথটোৰে চলাচল কৰা লোক সকলে যমৰ যাতনা ভূগি আহিছে যদিও ইয়াৰ প্ৰতি বিভাগীয় কতৃপক্ষ তথা বিজেপিৰ স্হানীয় বিধায়ক গৰাকীৰ কোনো গুৰুত্ব প্ৰদান কৰা দেখা পোৱা নাই স্থানীয় ৰাইজে। তাৰ প্ৰতিবাদতে পথটো মেৰামতিৰ দাবীত মঙ্গলবাৰে বিভিন্ন দল সংগঠনৰ লগতে অঞ্চলবাসী ৰাইজ ওলায় আহি পলাশবাৰী চকত এক পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হুচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা হায় হায়, গড়কাপ্তনী বিভাগ হায় হায়, আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে দীৰ্ঘসময় ধৰি উক্ত পথটো অৱৰোধ কৰি ৰাখে। পথটো অতি শীঘ্ৰেই মেৰামতিৰ দাবী জনায় উত্তাল ৰাইজে। পিছত পলাশবাৰী ৰাজহ চক্ৰ বিষয়া গৰাকী প্ৰতিবাদস্থলীত উপস্থিত হয়হি আৰু বিষয়া গৰাকীৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু গড়কাপ্তনী মন্ত্ৰী লৈ এখন স্মাৰক প্ৰত্ৰ প্ৰদান কৰে।