গুৱাহাটী, সংবাদ ৩৬৫, ২৯ জুন : সততা, নৈতিকতা আৰু মানৱীয় মূল্যবোধক আদৰ্শ হিচাপে লৈ এটা এন জি অৰ শুভ উন্মোচন কৰা হয় । এই এন জি অ’টোৰ মুখ্য উদ্দেশ্য সমাজত অহিংসা আৰু শান্তি বিয়পোৱা।

এন জি অ’টোৰ লক্ষ্য সমাজত শান্তি আৰু অহিংসা নীতি অটুট ৰখাৰ উদ্দেশ্য শিক্ষানুষ্ঠানসমূহত সৰু সৰু কিছুমান চেমিনাৰৰ জৰিয়তে শিক্ষাৰ্থীৰ মাজত জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰ প্ৰচাৰ চলোৱা হব ।

পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ বৃক্ষৰূপন তথা স্বচ্ছ ভাৰত অভিযানৰ দৰে কাৰ্যসূচীসমূহ হাতত লোৱা হব। নিবনুৱা সমস্যা প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দি মীনপালন, কৃষিপালনৰ দৰে কাৰিকৰী শিক্ষাৰ প্ৰচলন কৰা হব।

গান্ধীৰ আদৰ্শমৰ্মে সৰু সৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ উন্নয়ণত সহায় কৰা। জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ জীয়াই ৰখাৰ উদ্দেশ্য গান্ধী আশ্ৰম প্ৰতিষ্ঠা কৰা । শিক্ষাৰ উন্নত মানদণ্ডৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্বল শিক্ষাৰ্থীসকলৰ বাবে শৈক্ষিক কৰ্মশালা আৰু বিনামূলীয়া কিতাপৰ যোগান ধৰা । মাদক দ্ৰব্যৰ ব্যাপক পৰিচলনৰ ওপৰত গুৰুত্ব দি এখন নিচামুক্ত সমাজ গঠনত গুৰুত্ব দিব এন জি অ’টোৱে ।

ইয়াৰোপৰি ইণ্টাৰনেট জগতখনৰ লগত সংগতি ৰাখি নৱপ্ৰজন্মৰ সহায় হোৱাকৈ Gandhianstudycircle. weebly. com নামৰ ৱেবচাইটৰ ব্যৱস্থা কৰিছে এন জি অ’টোৱে । এই ৱেবচাইটৰ জৰিয়তে নৱপ্ৰজন্মৰ পৰিকল্পনাৰ লগতে সুপ্ত প্ৰতিভাসমূহ প্ৰকাশ কৰি বাস্তৱায়িত কৰাৰ বাবে এখন সুকীয়া মঞ্চৰ যোগান ধৰা হব।