কলগাছিয়া, সংবাদ ৩৬৫, ২৮ জুন : কলগাছিয়াৰ মইনবৰীৰ ঢাকালীয়া পাৰাত যোৱা কিছুদিন ধৰি হোৱা আই আৰু মানাহ নদীৰ ভয়াবহ খহনীয়াই ৰুদ্ৰ মুৰ্তি ধাৰণ কৰাত গাওবাসীৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে। ইতিমধ্যে নৈখনৰ বিধ্বংসী খহনীয়াত জাহ গল গাও খনৰ ৬৫ পৰিয়ালৰ ভেটি-মাটি, বহু ধান আৰু মৰাপাটৰ খেতিও।

খহনীয়াগ্ৰস্থ পৰিয়ালৰ লোক সকলে উপান্তৰ হৈ কাষতে থকা ঢাকালীয়াপাৰা প্ৰাথমিক বিদ্যালয়ত আশ্ৰয় গ্ৰহণ কৰিছে যদিও খাদ্য আৰু খোৱা পানীৰ অভাৱত কেবাজন লোকৰ বেমাৰ আজাৰে দেখা দিছে। গৰু, ছাগলীৰ খাদ্যৰ অভাৱ দেখা দিয়া পৰিলক্ষিত হৈছে।

একাংশ লোকে পথৰ ওপৰতে কোনো মতে গৰু, মহৰ সৈতে দিন পাৰ কৰিবলগীয়া হৈছে। আন একাংশই ঠাইৰ অভাৱত নিজৰ ঘৰ দুৱাৰ ভাঙি ৰাস্তাৰ কাষতে থবলগীয়া হৈছে। গাওঁখনৰ বিদ্যুত লাইনৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে।

স্থানীয় বিধায়ক শ্বেৰমান আলী আহমেদক এই সন্দৰ্ভত অৱগত কৰা হৈছে যদিও কোনো খবৰ নোলোৱাত ৰাইজ ক্ষুদ্ধ হৈ পৰিছে। ক্ষুদ্ধ লোক সকলে উপান্তৰ হৈ নেদেখাজনৰ ওচৰত খহনীয়া প্ৰতিৰোধৰ কামনা কৰি দুই হাত তুলি প্ৰাৰ্থনা কৰিবলগীয়া হৈছে।

আন একাংশ লোকে প্ৰতিবাদৰ জৰিয়তে জিলা প্ৰশাসন আৰু স্থানীয় বিধায়কৰ কুম্ভকৰ্ণ ভূমিকাৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।