বকলীয়াঘাটত চোৰাং চেগুনৰ কুণ্ডা জব্দ: গ্ৰেপ্তাৰ চোৰাং কাঠ ব্যৱসায়ী

In ৰাজ্য

কাৰ্বি আংলং, সংবাদ ৩৬৫, ১৮ আগষ্ট: কাৰ্বি আংলং জিলাৰ বন বিভাগৰ অন্তৰ্গত বকলীয়াঘাটস্থিত নৰ্দাৰ্ণ ৰেঞ্জ কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দলে শনিবাৰে পুৱতি নিশা সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত এটা দলে এক গোপন সূত্ৰৰ পম খেদি বকলীয়াঘাটৰ যমুনা নৈত থকা জলসিঞ্চন প্ৰকল্পৰ ওপৰত থকা দলঙৰ দুয়োপাৰে খাপ পিটি থাকি চোৰাং কাঠৰ সৰবৰাহকাৰী দলটোক জালত পেলায়। উক্ত অভিযানত পাঁচটা চেগুনৰ কুণ্ডা জব্দ কৰাৰ লগতে এটা ধৃত চোৰাং কাঠ ব্যৱসায়ী গ্ৰেপ্তাৰ কৰে । পাঁচখন চাইকেলেৰে কুণ্ডাকেইটা কঢ়িয়াই অনা কাঠচোৰৰ দলটোৰ চাৰিটা গভাইত চোৰে আন্ধাৰৰ সুযোগ লৈ পলাই পত্ৰং দিয়ে যদিও চোৰৰ দলটোৰ এটাক বনকৰ্মীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় । ধৃত কাঠচোৰটো জিতেন পাটৰ বুলি চিনাক্ত কৰিছে বনকৰ্মীৰ দলটোৱে। ধৃত কাঠচোৰটোক ইতিমধ্যে শনিবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

Comments

comments

You may also read!

ভুলুণ্ঠিত গণতন্ত্ৰত অৱদমিত নাৰী : বেটী বচাওৰ কথা কোৱা চৰকাৰে বেটী বচোৱা নাই

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ জুন : সুস্থ সমাজ বিকাশ চক্ৰ আৰু ফ'ৰাম এগেইনষ্ট ছেক্সুৱেল হেৰেছমেণ্ট ইন এডুকেশ্যন ইনষ্টিটিউটৰ সহযোগত

Read More...

এলাগী হৈ পৰিছে মামণি ৰয়চম গোস্বামীৰ সপোনৰ চিকিৎসালয় : ক্ৰমাৎ জহি-খহি যাব ধৰিছে চিকিৎসা যন্ত্ৰ

পলাশবাৰী, সংবাদ ৩৬৫, ১৭ জুন : এলাগী হৈ পৰিছে জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়চম গোস্বামীৰ সপোনৰ চিকিৎসালয় । দক্ষিণ

Read More...

অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰাৰ : পদত্যাগ কৰিয়েই মন্তব্য “ৰিপুন বৰাই টেণ্ট হাউচৰ চকী আনি পূৰণ কৰিব লাগিব মিছন ৮০ “

গুৱাহাটী, সংবাদ ৩৬৫, ১৭ জুন : অসম প্ৰদেশ কংগ্ৰেছৰ পৰা পদত্যাগ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম

Read More...

Mobile Sliding Menu