বিভেদগামী সকলৰ প্ৰৰোচনাত পৰি বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয়ৰ কথা কৈছে

In ৰাজ্য
TheChocolateRoomTezpur

মুস্তাক আহমেদ
জুৰীয়া
২৮ অক্টোবৰ

বিভেদগামী সকলৰ প্ৰৰোচনাত পৰি বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয়ৰ কথা কৈছে। মিঞা সংগ্ৰহালয় সন্দৰ্ভত বিষ্ফোৰণ ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ইক্ৰামুল মজিদৰ।শংকৰ-আজানৰ দেশ বৰ্তমান এটা শ্ল’গানত পৰিণত হৈছে। একাংশ ৰাজনৈতিক দলৰ নেতাই মুখেৰে শংকৰ-আজানৰ দেশৰ কথা কয় আৰু ভিতৰি ভিতৰি বিভেদৰ সৃষ্টি কৰে।

মিঞা সংগ্ৰহালয়ক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনীতি গৰম থকাৰ সময়তে ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ইক্ৰামুল মজিদে এই সন্দৰ্ভত আগবঢ়াইছে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ইক্ৰামুল মজিদে কয় যে আজি কালি শংকৰ-আজানৰ দেশ এটা শ্ল’গানত পৰিণত হৈ পৰিছে। একাংশ ৰাজনৈতিক দলৰ নেতাই মুখেৰে শংকৰ-আজানৰ দেশৰ কথা কয় আৰু ভিতৰি ভিতৰি বিভেদৰ সৃষ্টি কৰে। শংকৰ-আজানৰ দেশক একাংশ ৰাজনৈতিক নেতাই ভাগ ভাগ কৰিব বিচাৰিছে। একাংশ বিভেদগামী শক্তি সক্ৰিয় হৈ আছে আৰু এই বিভেদগামী সকলৰ প্ৰৰোচনাত পৰি বিধায়ক শ্বেৰমান আলীয়ে মিঞা সংগ্ৰহালয়ৰ কথা কৈছে। মিঞা সংগ্ৰহালয়ৰ দ্বাৰা একাংশ ৰাজনৈতিক নেতাই ৰাজনীতি কৰিব খুজিছে বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ইক্ৰামুল মজিদে। মিঞা সংগ্ৰহালয় দাবী কৰা সকলক গৰিহনা দিয়াৰ লগতে ইক্ৰামুল মজিদে কয় যে মিঞা সংগ্ৰহালয়ত কি ৰখিব আৰু অমসত মিঞা কেতিয়া আছিল?

আঞ্চলিকতাবাদৰ প্ৰসংগত ইক্ৰামুল মজিদে কয় যে আগপই ক্ষমতা কেন্দ্ৰীক ৰাজনীতিৰ বাবে যি ইছ্যু লৈ দল গঠন কৰিছিল সেইবোৰ ইছ্যু পাহৰি গৈছে অগপই। সেইবাবে অসমৰ ৰাইজে নিজৰ সন্তানৰ দৰে জন্ম দিয়া দলটো এতিয়া অসমীয়া ৰাইজৰ মনৰ পৰা আঁতৰি গৈছে। আনহাতে আগন্তক ২০২১ বর্ষৰ বিধানসভা নিৰ্বাচনত ৰাইজৰ দলৰ ইছ্যু হ’ব উন্নয়ন। ৰাইজৰ দল ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা পৰিচালিত আৰু ৰাইজৰ দল বুলিও মন্তব্য কৰে ৰাইজৰ দলৰ নগাঁও জিলা সমন্বয়ক ইক্ৰামুল মজিদে।

You may also read!

দক্ষিণ কামৰূপৰ সোণতলীত কেইবা লক্ষাধিক টকাৰ মূল্যবান কাঠ জব্দ

ফজলুৰ ৰহমান সোণতলী ২৯ নৱেম্বৰ দক্ষিণ কামৰূপৰ সোণতলীত কেইবা লক্ষাধিক টকাৰ মূল্যবান কাঠ জব্দ। সোণতলীৰ পুৰাণগাঁৱত নম্বৰবিহীন ডিআই গাড়ীসহ মূল্যবান কাঠ জব্দ।

Read More...

মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত দেশৰ সবাতোকৈ উন্নতি হোৱা বৃহৎ ৰাজ্যৰ তালিকাৰ শীৰ্ষত অসম

গুৱাহাটী ২৯ নৱেম্বৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত দেশৰ সবাতোকৈ উন্নতি হোৱা বৃহৎ ৰাজ্যৰ তালিকাৰ শীৰ্ষত অসম। সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত অসম

Read More...

স্বাধীকাৰ দাবীত একেখন মঞ্চত মিলিত হ’ল দুকুৰিৰো অধিক সংগঠন

গুৱাহাটী ২৮ নবেম্বৰ স্বাধীকাৰ দাবীত একেখন মঞ্চত মিলিত হ'ল দুকুৰিৰো অধিক সংগঠন। প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবলৈ চৰকাৰক ৩১ ডিচেম্বৰলৈ সময়সীয়া জনগোষ্ঠীয় সমন্বয়

Read More...

Mobile Sliding Menu