গুৱাহাটী, সংবাদ ৩৬৫, ২২ এপ্ৰিল: কৰ’ণা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে চলি থকাৰ লক ডাউনৰ এই সময়ছোৱাত অসমৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমুহৰ ছাত্র-ছাত্ৰীসকলৰ ৫০% মাচুল ৰেহাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ স্বাস্থ্য তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা সম্পূৰ্ণৰূপে প্ৰদান কৰিবলৈও ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমুক নিৰ্দেশ দিছে মন্ত্ৰী গৰাকীয়ে।

সমগ্ৰ বিশ্বতে মাৰাত্মক কৰ’ণা ভাইৰাছে চলাই থকা সন্ত্ৰাসৰ এই সময়খিনিতে লক ডাউন ঘোষণা কৰা হৈছে বিশ্বৰ ইখনৰ পৰা সিখন দেশত। লক ডাউনৰ এই সময়ছোৱাত ভাৰতৰ অন্য ৰাজ্যসমূহৰ লগতে অসমৰ জনসাধাৰণে সন্মুখীন হৈছে নানা সমস্যাত। লক ডাউনৰ বাবে ৩ মে’ পৰ্যন্ত বন্ধ কৰি দিয়া হৈছে ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানসমূহ। ইয়াৰ পিছতে অসমৰ ব্যক্তিগতখণ্ডৰ শিক্ষানুষ্ঠানসমুহলৈ জাৰি কৰা হৈছে এক বিশেষ নিৰ্দেশনা। বন্ধৰ এই সময়তে কোনো ব্যক্তিগতখণ্ডৰ বিদ্যালয় নিজৰ ফালৰ পৰা মাচুল বৃদ্ধি কৰিব নোৱাৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ এপ্ৰিল মাহৰ সামগ্ৰিক মাছুলৰ ৫০% হে বিদ্যালয়সমূহে গ্ৰহণ কৰিব লাগিব। ইয়াৰ উপৰিও শিক্ষক-শিক্ষয়িত্ৰী সকলৰ দৰমহা সন্দৰ্ভত কোনোধৰণৰ কর্তন কৰিব নোৱাৰিব বুলিও নিৰ্দেশ দিয়ে ৰাজ্য স্বাস্থ্য তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।