গুৱাহাটী, সংবাদ ৩৬৫, ২২ এপ্ৰিল: পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি পুনৰ বিবেচনা কৰিবলৈ অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷ আনহাতে বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰৰ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত দূৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

ৰাজ্য চৰকাৰে পেট্ৰল-ডিজেলৰ ওপৰত অতিৰিক্ত ৫ টকাকৈ অতিৰিক্ত “ভেট” প্ৰয়োগ কৰাৰ সিদ্ধান্তৰ সন্দৰ্ভত সংবাদ মাধ্যমলৈ এক বিবৃত্তি প্ৰেৰণ কৰি এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে কয় যে “সাম্প্ৰতিক সময়ত পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ ফলৰ সাধাৰন জনতা যথেষ্ট ক্ষতিৰ সন্মূখিন হ’ব ৷ পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত পৰিবহন খৰচ বৃদ্ধি পাব আৰু ইয়াৰ প্ৰভাৱ অত্যাৱশ্যকীয় সামগ্ৰীৰ উপৰত পৰিব৷” আজলমে লগতে প্ৰেছ বিবৃত্তিটোত উল্লেখ কৰে যে লকডাউনৰ বাবে ইতিমধ্যে সাধাৰণ জনতা বহুত ক্ষতি সন্মূখীন হোৱাৰ উপৰিও বহু লোক খাদ্যৰ অভাৱত পৰিব লগা হৈছে৷ আন্তৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য হ্ৰাস পাইছে আৰু এনে ক্ষেত্ৰত পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত চৰকাৰে পুনৰ বিবেচনা কৰিব লাগে।” প্ৰয়োজন হলে আৰ্থিক নাটনি পূৰাবলৈ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক আৰ্থিক অনুদানৰ বাবে হেচা প্ৰয়োগ কৰক বুলিও বিবৃত্তিটোত ব্যক্ত কৰি বদৰুদ্দিন আজমলে সোণোৱাল চৰকাৰক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়৷ আনহাতে, কৰ’ণা ভাইৰাছ মহামাৰী প্ৰতিৰোধী যুঁজৰ ফলত স্থবিৰ হৈ পৰা সকলো প্ৰকাৰৰ ব্যৱসায়-বাণিজ্যৰ লগতে গৃহবন্দী অৱস্থাত থকা জনসাধাৰণৰ ওপৰত অধিক কৰৰ বোজা জাপি দিয়া বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰৰ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত দূৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, এহাতে মানুহৰ সকলো পৰ্যায়ৰ উপাৰ্জনৰ পথ বন্ধ আৰু আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ চাহিদা কমি যোৱাৰ ফলত ইয়াৰ মূল্য অস্বাভাৱিক হাৰত কমি গৈছে। এই সময়ত অসম চৰকাৰৰ বিত্ত বিভাগে পেট্ৰল আৰু ডিজেলৰ ওপৰত ৫ টকাকৈ অতিৰিক্ত “ভেট” প্ৰয়োগ কৰা কাৰ্য দূৰ্ভাগ্যজনকেই নহয় ই ভূতৰ ওপৰত দানহ পৰাৰ লেখীয়া হৈছে। ডিজেলৰ মূল্য বৃদ্ধিৰ ফলত আটাইতকৈ বেছি দূৰ্যোগৰ সন্মুখীন হ’ব ৰাজ্যৰ কৃষক সমাজ। পৰিবহন ব্যৱস্থাও ক্ষতিগ্ৰস্থ হ’ব। ইমানদিনে চৰকাৰে দাবী কৰি অহা সুস্থিৰ বিত্তীয় অৱস্থা কথাষাৰ আভুৱাভঁৰাহে আছিল নেকি বুলিও প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই?