গুৱাহাটী, সংবাদ ৩৬৫, ৬ জুলাইঃ মহানগৰীৰ গণেশগুৰিস্থিত মুকেশ হুণ্ডাই শ্ব’ৰূমৰ স্বত্বাধিকাৰী এজনে কৰ্মচাৰী এজনৰ লগত কৰা কু-ব্যৱহাৰৰ কাৰ্য্যই সমগ্ৰ ৰাজ্যতে তোলপাৰ সৃষ্টি কৰিছে। উল্লেখ্য যে শ্ব’ৰূমটোৰ স্বত্বাধিকাৰীজনে কৰ্মচাৰী এজনক কাণত ধৰি আঠু কঢ়াই শাস্তি প্ৰদান কৰাৰ দৃশ্যৰ ফটো ৰাজহুৱা হোৱাৰ পিছতেই সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। শ্ব’ৰূমটোৰ স্বত্বাধিকাৰীজনক ৰাজপথত আঠু কাঢ়ি ক্ষমা খোজাৰ দাবীত শুক্ৰবাৰে গণেশগুৰিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম উন্নয়ন পৰিষদ আৰু লাচিত সেনাই। বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে সংগঠন দুটাৰ সদস্য সকলে। লগতে প্ৰতিবাদী সকলে জনায় যে যদি শ্ব’ৰূমটোৰ স্বত্বাধিকাৰীজনে ৰাজপথত আহি আঠু কাঢ়ি ক্ষমা নোখোজে তেন্তে তেওঁলোকে তীব্ৰ আন্দোলন গঢ়ি তুলি শ্ব’ৰূমটো বন্ধ কৰি দিবলৈ বাধ্য হ’ব। প্ৰতিবাদৰ সময়ত প্ৰতিবাদী সকল আৰু চি আৰ পি এফৰ জোৱানৰ মাজত তৰ্ক -বিতৰ্কও হোৱা দেখিবলৈ পোৱা যায়।
![](https://sangbad365.com/wp-content/uploads/2018/07/WhatsApp-Image-2018-07-06-at-1.15.19-PM.jpeg)