কোকৰাঝাৰৰ পৰা মামুন আলী, সংবাদ ৩৬৫, ৪ জুন : বি টি চি গঠনৰে পৰা শাসনৰ গাদীত অধিষ্ঠিত থকা বি পি এফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কথাই কথাই তেওঁৰ শাসন কালত বি টি চিৰ উন্নয়নৰ ঢোল বজাই থকা দেশবলৈ পোৱা গৈছিল। প্ৰকৃততে হাগ্ৰামা মহিলাৰীৰ বি টি চি উন্নয়ন স্বৰূপ কিন্তু সম্পূৰ্ণ বেলেগ। বি টি চিৰ উন্নয়নৰ বাস্তৱ ছবি দেখিলে আপোনাৰ চকু কপালত উঠিব।

কোকৰাঝাৰ জিলাৰ অন্তগৰ্ত কাজিগাঁও শান্তিপুৰ অঞ্চলৰ এখন বিশেষ দলঙে উদঙাইছে বি টি চিৰ উন্নয়ৰ প্ৰকৃত স্বৰূপ। যোৱা ৩০ বছৰ ধৰি এই দলংখনেৰে জীৱনক মৃত্যুৰ মুখত ঠেলী অহা-যোৱা কৰি আহিছে কাজিগাঁও শান্তিপুৰ অঞ্চলৰ হাজাৰ হাজাৰ ছাত্র-ছাত্রী তথা স্থানীয় ৰাইজে। হাগ্ৰামা মহিলাৰীৰ শাসন কালত এই দলংখন পকীকাৰণ কৰিবলৈ স্থনীয় ৰাইজে বাৰম্বাৰ অনুৰোধ জনাই অহাৰ পিছতো যোৱা ১৭ বছৰ ধৰি বি টি চিত শাসন কৰা হাগ্ৰামা মহিলাৰীয়ে পকীকৰণ নকৰিলে দলংখন ফলত ৰাইজ নিজৰ জীৱনক মৃত্যুৰ মুখত ঠেলী অহা-যোৱা কৰিব লগা হৈছে দলংখনৰে। পৰ্বতঝোৰা জিলাৰ সদৌ বি টি চি সংখ্যালঘু ছাত্র সন্থাৰ সভাপতি ছোৱাহান আলী তথা ৰাইজে হাগ্রামা মহিলাৰীক ধিক্কাৰ জনাইছে যোৱা ১৭ বছৰ ধৰি শাসন কৰাৰ পিছতো এখন দলং পকীকৰণৰ কেইবলৈ সক্ষম নোহোৱাৰ বাবে।

বৰ্তমান যিহেতু এতিয়া বি টি চিত হাগ্ৰামা মহিলাৰীৰ শাসন কালৰ অন্ত পৰি ৰাজ্যপালৰ হাতলৈ শাসন গৈছে গতিকে ৰাজ্যপালক পৰ্বতঝোৰা জিলা সদৌ বি টি চি সংখ্যালঘু ছাত্র সন্থাৰ সভাপতি ছোৱাহান আলীয়ে অতি শীঘ্ৰে দলংখন পকীকৰণ কৰিবলৈ অনুৰোধ জনাইছে। বিটিচিত উন্নয়নৰ নামত সংঘটিত হোৱা দুৰ্নীতি সমূহো অতি শীঘ্ৰে বন্ধ কৰিবলৈ ৰাজ্যপালক আহ্বান জনাইছে সদৌ বি টি চি সংখ্যালঘু ছাত্র সন্থাৰ সভাপতি গৰাকীয়ে।

আনহাতে পৰ্বতঝোৰাৰ বিধায়ক নিজানুৰ ৰহমানকো তীব্ৰ সমালোচনা কৰি সদৌ বি টি চি সংখ্যালঘু ছাত্র সন্থাৰ সভাপতি ছোৱাহান আলীয়ে কয় নিৰ্বাচন আহিলেহে কাজিগাঁও শান্তিপুৰ গাওঁখনলৈ ভোট বিচাৰে প্ৰৱেশ কৰে নিজানুৰ ৰহমান। ৰাইজক উন্নয়নৰ সপোন দেখুৱাই নিৰ্বাচনত জয়লাভ কৰাৰ পিছত বিধায়কজনৰ ছবিখনো দেখা নাপায় ৰাইজে। শান্তিপুৰৰ ৰাইজৰ হুংকাৰ অতি শীঘ্ৰে তেওঁলোৰৰ অহা-যোৱাৰ বাবে দলংখন পকীকৰণ নকৰিলে আগন্তক নিৰ্বাচনত ভোট বৰ্জন কৰিব।