গুৱাহাটী, সংবাদ ৩৬৫, ৪ জুন : চৰাইদেউ জিলাৰ বৰহাটত চাৰিজন লোক আৰু ওদালগুৰি জিলাৰ মাজবাটত তিনিজন লোক নতুনকৈ আক্রান্ত কভিড-১৯ কৰ’ণা ভাইৰাছত। বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেইণ্টাইন কেন্দ্ৰত কোৱাৰেইণ্টাইনত আছিল আক্রান্ত আটাইকেইজন লোক।

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাইছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। বিশেষকৈ বহিঃৰাজ্যৰ পৰা অসমলৈ উভতি অহা বহু লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি। বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ বৰহাট ভৱানী প্ৰসাদ বৰুৱা সোঁৱৰণি মহাবিদ্যালয়ৰ কোৱাৰেইণ্টাইন কেন্দ্ৰত চাৰিজন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰে। আক্রান্ত আটাইকেইজন লোক বহিঃৰাজ্যৰ পৰা অসমলৈ আহিছিল। আক্রান্ত লোক সকল কোৱাৰেইণ্টাইন কেন্দ্ৰত কোৱাৰেইণ্টাইন হৈ আছিল। নতুনকৈ চাৰিজন লোক আক্রান্ত হোৱাত জিলাখনত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্তৰ সংখ্যা ২৪ জনলৈ বৃদ্ধি পাইছে।

ইফালে, ওদালগুৰি জিলাৰ মাজবাটত নতুনকৈ তিনিজন লোক আক্রান্ত হৈছে কভিড-১৯ কৰ’ণা ভাইৰাছত। আক্রান্ত তিনিওজন লোক চিন্নাইৰ পৰা আহি মাজবাট মহাবিদ্যালয়ৰ কোৱাৰেইণ্টাইন কেন্দ্ৰত এসপ্তাহ ধৰি কোৱাৰেইণ্টাইন হৈ আছিল। পৰীক্ষাৰ ফলাফলৰ পিছত তিনিওজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পিছত তিনিওজনক ওদালগুৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। জিলাখনত কভিড-১৯ কৰুণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ২৮।