বঙাইগাঁও, সংবাদ ৩৬৫, ৪ জুন : গৰাখহনীয়াই ভয়াবহ ৰূপ ধাৰণ কৰিছে বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ অন্তৰ্গত মোহনপুৰত। গৰাখহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত ভেটি মাটি জাহ যোৱা লোক সকল মুকলি আকাশৰ তলতে কটাইছে বিনিদ্ৰ ৰজনী। ক্ষতিগ্ৰস্ত ৰাইজৰ খৱৰ ল’বলৈ আহৰি পোৱা নাই চৰকাৰ তথা জিলা প্ৰশাসনে।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ অন্তৰ্গত মোহনপুৰত চপৰা চপৰেকৈ ব্ৰহ্মপুত্ৰৰ বুকুত খহিছে নৈপৰীয়া ৰাইজৰ ভেটি মাটি, ফলত দিক বিদিক হেৰুৱাইছে নৈপৰীয়া ৰাইজ। গৰাখহনীয়াৰ ফলত ভেটি মাটি হেৰুৱাই কোনোবা মাতৃয়ে যদি ভঙা চালিৰ তলত ৰান্ধিছে খাদ্য, কোনোবা মাতৃয়ে আকৌ মুকলি আকাশৰ তলতে শুবলৈ দিছে দেৱ শিশুক। ব্ৰহ্মপুত্ৰৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত বিগত ৪৮ ঘন্টাই এই দৰে অঞ্চলটোত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়া। মুহুৰ্ত্বে মুহুৰ্ত্বে ব্ৰহ্মপুত্ৰত খহি গৈছে বিশাল চপৰা, নিশ্চিহ্ন হৈ গৈছে কেইবাটাও পৰিয়ালৰ ভেটি মাটি।

ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়াৰ ফলত একাংশ নৈপৰীয়া ৰাইজে প্ৰাণ লৈ পলায়ন কৰি এতিয়া আশ্ৰয় গ্ৰহন কৰিছে পথৰ কাষত। গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত ৰাইজৰ অভিযোগ, বৰ্তমানলৈকে চৰকাৰী প্ৰশাসন তথা কোনো জনপ্ৰতিনিধিয়ে খৱৰ লোৱা নাই খহনীয়া পিড়ীত লোকসকলৰ।