মোৰাঝাৰ, ২ মে’ : হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অকচেক পথাৰ আঞ্চলিক পঞ্চায়তত বিয়াগোম অনিয়মৰ অভিযোগ উঠিছে। উল্লেখ্য যে চৰকাৰী কেবাটাও আঁচনৰ সমুদায় ধন আত্মসাৎ কৰাৰ ৰাজহুৱা অভিযোগ উঠিছে। চৰকাৰী নিৰ্দেশনা ভৰিৰে মোহাৰি নিজৰ খেয়ালখুচি মতে কাম শেষ কৰি ধন আত্মসাৎ কৰে। তাৰে মোৰাঝাৰ আৰক্ষী থানাত বৃক্ষ ৰোপন আৰু মাটি ৰোপননত অনিয়ম কৰাক লৈ গোচৰ ৰোজু হৈছিল। এই বিষয়ে মাত মাতিলে ২00/৫০০ টকাত মেনেজ কৰে এ পি সদস্য জনে। এই যাবতীয় ঘটনাক কেন্দ্ৰ কৰি পঞ্চায়তৰ অধিকাংশ ৰাইজে এক বিভাগীয় তদন্তৰ দাবী জনাই আহিছে যদিও ই ফুটুকাৰ ফেনত পৰিণত হল। এতিয়া ৰাইজে পঞ্চায়তৰ বিয়াগোম দূনীতি অনিয়মৰ বিৰুদ্ধে তদন্ত বিচাৰে৷ কিয়নো এইজন সদস্যক নিৰ্দলীয় ৰূপে ৰাইজে জিকাই দিছিল, জিকিয়েই সেই সময়ত কংগ্ৰেছ চৰকাৰ থকাত কংগ্ৰেছ দলক সমৰ্থন কৰিছিল৷ কিন্তু তিনিমাহ পূৰ্বে দূনীতিৰ তদন্তৰ পৰা বাচিবলৈ অসম গণ পৰিষদ দল গ্ৰহণ কৰি অৰ্থাৎ শাসক পক্ষক সমৰ্থন জনাইছে। ৰাইজৰ আশা আকাংক্ষাক আওকান কৰি ৰাইজৰ পৰা আঁতৰি থকাত ৰাইজ ক্ষোভিত হৈ পৰিছে।