বাক্সাৰ পৰা অজিত ৰাভা, সংবাদ ৩৬৫, ৩ জুনঃ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত তামুলপুৰ শাখা সাহিত্য সভাৰ সহযোগত দেওবাৰে বাক্সা জিলা সাহিত্য সভাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। বাক্সা জিলা সাহিত্য সভাৰ সভাপতি ব্ৰজেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নৱ নিৰ্বাচিত সাহিত্য সভাৰ সদস্য সকলক শপত বাক্য পাঠ কৰাই অসম সাহিত্য সভাৰ মাতৃভাষা আৰু ৰাজ্যিক ভাষাৰ আহ্বায়ক দামোদৰ তালুকদাৰে। আদৰণি ভাষণ পাঠ কৰে তামুলপুৰ শাখা সাহিত্য সভাৰ সভাপতি মদন মোহন শৰ্মাই, সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বাক্সা জিলা সাহিত্য সভাৰ সম্পাদক হেমন্ত দাসে। সভাখনত বাক্সা জিলাৰ বিভিন্ন সংবাদ মাধ্যমত কৰ্মৰত প্ৰায় ৬৬ গৰাকীকৈ সাংবাদিকক একোখন গামোচা, মান পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱা হয়।