টীয়কৰ, সংবাদ ৩৬৫, ৩ জুনঃ বতৰৰ এক সুস্বাদু ফল লিচু। বৰ্তমান লিচুৰ বতৰ। উজনি অসমৰ যোৰহাট জিলাৰ টীয়কৰ জাঁজীৰ লিচু বজাৰে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। যোৰহাট আৰু শিৱসাগৰ জিলাৰ মধ্যস্থলত জাঁজী দলংৰ সমিপত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ কাষত গঢ় লৈ উঠা লিচুৰ বজাৰখনে ৰাষ্ট্ৰীয় পথেৰে অহা যোৱা কৰা প্ৰতি জন ব্যক্তিকে আকৰ্ষন কৰা দেখা যায়। বৰ্তমান ৰাষ্ট্ৰীয় পথটোৰ কাষত ব্যৱসায়ী সকলে দ’ম দ’মকৈ বিক্ৰীৰ বাবে সজাই থোৱা লিচু সমূহৰ সৌন্দৰ্য প্ৰত্যক্ষ ভাৱে নেদেখিলে অনুভৱ কৰিব পৰা নাযাব এই বজাৰখনৰ গুৰুত্ব। জাঁজীৰ কাষৰীয়া গাওঁ সমূহৰ পৰা স্থানীয় ব্যৱসায়ী সকলে সংগ্ৰহ কৰি বিক্ৰীৰ বাবে অনা লিচু সমূহে ইতিমধ্যে এক ভাল বজাৰ দখল কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে ব্যৱসায়ী সকলে। ৩৭ নং ৰাষ্ট্ৰীয় পথেৰে যাত্ৰা কৰা গৰিষ্ঠ সংখ্যক ব্যক্তিয়েই এই বজাৰখনৰ পৰা লিচু ক্ৰয় কৰা পৰিলক্ষিত হয়। বৰ্তমান জাঁজীৰ লিচু বজাৰত ১০০ টা লিচুৰ মূল্য গড়ে ৯০ টকাৰ পৰা ১২০ টকা। চলিত বৰ্ষত লিচুৰ উৎপাদনৰ বিপৰীতে বিক্ৰী কম বুলি ব্যৱসায়ী সকলে জানিবলৈ দিয়ে যদিও জাঁজীৰ লিচু বজাৰে সমগ্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ গ্ৰাহকক আকৰ্ষন কৰাৰ লগতে এক বৃহৎ ব্যৱসায় গঢ়ি তুলিবলৈ সক্ষম হৈছে। এই বজাৰখনত প্ৰায় ১৫ খন অস্থায়ী লিচুৰ বিপনীত গড়ে ১০০০ কৈ দৈনিক ১৫ হেজাৰ লিচু বিক্ৰী হয় বুলি একাংশ ব্যৱসায়ী জানিবলৈ দিয়ে।