ৰহাত বাঁহৰ দলংঙেৰে বিপদ সংকুল যাত্ৰা

In ৰাজ্য
Umra Package

কামপুৰৰ পৰা জয়দীপ লস্কৰৰ সংবাদ :
স্বাধীনতাৰ ৭০ বছৰৰ পাছতো চৰকাৰৰ কোনো উন্নয়ন মূলক আচঁনিৰে স্পর্শ নকৰা ৰহা সমষ্টিৰ এটা অঞ্চল। চৰকাৰ তথা জনপ্ৰতিনিধিৰ প্ৰতাৰনাৰ বাবেই আজি পৰ্যন্ত এখন টুলুঙা নাৱৰে বিপদ সংকুল ভাৱে বছৰ বছৰ ধৰি যাতায়ত অৱ্যাহত ৰাখিছে অঞ্চলটোৰ ২৫ খনকৈ গাৱৰ দূৰ্ভগীয়া ৰাইজে। বৰপানী নদীৰ ওপৰত এখন দলং নথকাৰ বাবে অঞ্চলটোত আজি পৰ্যন্ত প্ৰৱেশ কৰা নাই এম্বুলেন্স। বাট পথৰ অৱস্থা অতি সূচনীয়। প্ৰতি পাঁচ বছৰ মুৰে মুৰে সলনি হয় চৰকাৰ। কিন্তু উন্নয়ন নহ’ল অঞ্চলটোৰ বাট পথ আৰু দলঙৰ। অৱশেষত উপায়ন্তৰ হৈ অঞ্চলটোৰ চাৰিখনকৈ পঞ্চায়তৰ ৰাইজ একত্ৰিত হৈ ৰহা সমষ্টিৰ অন্তৰ্গত কচুৱা পণ্ডিতঘাটৰ লীলা পাৰ ঘাটত ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কৰিছে ৩০০ ফুট দৈঘ্যৰ এখন বাহঁৰ দলং। ৰাইজৰ অভিযোগ জনপ্ৰতিনিধিসকলে ভোট বেংক হিচাপে ব্যৱহাৰ কৰে অঞ্চলবাসীক।
উল্লেখযোগ্য যে অঞ্চলবাসীৰ আশা, পৰিবৰ্তনৰ শ্ল’গান দি গাদী দখল কৰা বি জে পি চৰকাৰে বৰপানী নদীৰ ওপৰত এখন পকী দলং নিৰ্মান কৰি উপহাৰ দিব দূৰ্ভগীয়া ৰাইজক। এতিয়া প্ৰশ্ন হয় ৰাইজৰ ভৰসাক বি জে পি চৰকাৰে কিমান গুৰুত্ব দিব, নে কংগ্ৰেছৰ দৰে কেৱল ভূৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিয়েই দায়িত্ব সামৰিব, সেইয়া সময়তহে স্পষ্ট হব।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu