দিছপুৰ, ১৪ মে’ : মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত কদমনি পানী যোগান আঁচনি প্রাঙ্গণত ডিব্ৰুগড় জিলা প্রশাসন আৰু কদমনি খোৱা পানী যোগান আঁচনি পৰিচালনা সমিতিৰ দ্বাৰা সংস্থাপিত আৰ ও যুক্ত ৱাটাৰ এ টি এম আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।

উল্লেখ্য যে ডিব্ৰুগড় জনস্বাস্থ্য বিভাগে জিলা প্রশাসনৰ সহযোগত ৰাজহুৱা খোৱা পানী যোগান ব্যৱস্থাপনাত এক নৱতম সংযোজন হিচাপে প্রতিষ্ঠা কৰিছে অসমৰ ভিতৰত প্ৰথমটাে নগদবিহীন স্মার্ট কার্ডযুক্ত এই ৱাটাৰ এ টি এম যন্ত্র। প্রতি ঘন্টাত এক হাজাৰ লিটাৰ আৰ ও যুক্ত বিশুদ্ধ খোৱা পানী উৎপাদনক্ষম এই প্রকল্পত স্মার্ট কার্ডৰ জৰিয়তে বিশ লিটাৰ বিশুদ্ধ খোৱা পানী মাত্ৰ দহ টকাত স্বয়ংক্রিয় যন্ত্রৰ সহায়ত উপভোক্তাসকলে সংগ্ৰহ কৰিব পাৰিব। তাৰ বাবে উপভোক্তাসকলে আগতীয়াকৈ স্মার্ট কার্ডৰ সদস্য হৈ এই স্বয়ংক্রিয় যন্ত্রৰ জৰিয়তে ইচ্ছা আৰু সামর্থ অনুযায়ী নিজ নিজ কার্ডত টকা জমা ৰাখি এবাৰত বিশলিটাৰকৈ যিকোনো সময়ত প্রয়োজন অনুসৰি কোনো তত্বাৱধায়কৰ সহায় নোলোৱাকৈ উক্ত কার্ডৰ দ্বাৰা বিশুদ্ধ খোৱা পানী সংগ্ৰহ কৰিব পাৰিব। প্রত্যেক দিনা প্ৰতিগৰাকী উপভোক্তাই কিমান পানী সংগ্ৰহ কৰিছে আৰু তেওঁৰ কার্ডত কিমান পানী বাকী আছে প্রতিবাৰ পানী সংগ্ৰহৰ সময়ত এই স্বয়ংক্রিয় যন্ত্রই প্রদর্শন কৰিব। আগতীয়াকৈ স্মার্ট কার্ড সংগ্ৰহ নকৰা গ্রাহকেও তত্বৱধায়কৰ হাতত থকা কার্ডৰ জৰিয়তে প্রয়োজনীয় পানী সংগ্ৰহ কৰিব পাৰিব।