বঙাইগাঁৱৰ পৰা কিশোৰ কুমাৰ দাস, সংবাদ ৩৬৫, ২৯ মেঃ বঙাইগাঁও জিলাৰ দক্ষিণ বইটামাৰীত ৰে’লপথ নিৰ্মাণৰ বাবে বিস্ফোৰণ ঘটাই পাহাৰৰ শিল ভাঙোতে এক সংঘটিত হৈছে। জিলাখনৰ দক্ষিণ বইটামাৰী ৰাখাল ঠাকুৰ পাহাৰত ৰে’লপথ নিৰ্মাণৰ বাবে বিস্ফোৰণ ঘটাই শিল ভাঙোতে এটা প্ৰকাণ্ড শিল চিটিকি আহি এগৰাকী ছাত্ৰীৰ শৰীৰত লগত ছাত্ৰী গৰাকী আহত হয় বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ ফলত শিল চিটিকি আহি ছাত্ৰী আহত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। আনজিৰা খাতুন নামৰ দক্ষিণ বইটামাৰী হাই মাদ্ৰাছাৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী গৰাকী বিদ্যালয়ত পাঠদান চলি থকা সময়ত পাহাৰৰ শিল শ্ৰেণীকোঠাৰ ভিতৰত আহি ছাত্ৰী গৰাকীৰ শৰীৰত পৰাত ছাত্ৰী গৰাকী আহত হয়। আহত ছাত্ৰী গৰাকীক উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও আৰক্ষীৰ অনুপস্থিতিত বিস্ফোৰণ ঘটাই পাহাৰৰ শিল ভঙা কাৰ্যত স্থানীয় লোক ক্ষোভিত হৈ পৰে। নিৰ্মীয়মান নিউ ময়নাগুৰী-যোগীঘোপা ৰে’লপথ নিৰ্মাণৰ বাবে নায়ক প্ৰাইভেট লিমিটেড নামৰ নিৰ্মানকাৰী সংস্থাটোবে ৰে’লপথ নিৰ্মাণৰ বাবে বিস্ফোৰণ ঘটাই পাহাৰৰ শিল ভাঙোতে এগৰাকী ছাত্ৰী আহত হোৱাৰ লগতে বইটামাৰী হাই মাদ্ৰাছাখনৰ শ্ৰেণীকোঠাৰ মুধচ আৰু ডেক্স বেঞ্চ ক্ষতিগ্ৰস্ত হয়। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাৰ লগতে আৰক্ষীৰ এটা দল উপস্থিত হৈ দুজন লোকক আটক কৰিছে।