গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মেঃ পে’ট্ৰল আৰু ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মঙলবাৰে গুৱাহাটীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এক প্ৰতিবাদী চাইকেল ৰেলী উলিয়াই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাবস্ত্য কৰে৷ প্ৰতিবাদী চাইকেল ৰেলীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শীৰ্ষ নেতাসহ শতাধিক কংগ্ৰেছ কৰ্মীয়ে অংশগ্ৰহণ কৰে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কৰিব নোৱাৰা কেন্দ্ৰৰ বিজেপি চৰকাৰখনে জনসাধাৰনক বিশ্বাসঘাত কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে বিজেপি চৰকাৰে শাসনলৈ আহিলে খাদ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰিব বুলি কৈছিল কিন্তু বিজেপি চৰকাখনে শাসনলৈ অহাৰ পিছত জনসাধৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে বুলিও অভিযোগ উত্থাপন কৰে। প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলে বিজেপি চৰকাৰ গ’ বেক, পেট্ৰল আৰু ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, বিজেপি চৰকাৰ হুচিয়াৰ, জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰক চৰকাৰ বিৰোধী শ্লোগানেৰে গুৱাহাটীৰ ৰাজপথ উত্তাল কৰি তোলে৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ২০১৪ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দল শাসনলৈ আহিলে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব বুলি কৈছিল কিন্তু বৰ্তমান প্ৰতিদিনে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনসাধাৰণক অতিষ্ঠ কৰি তুলিছে। পেট্ৰ’ল আৰু ডিজেলৰ এই অভাৱনীয় মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ পেট্ৰ’ল আৰু ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰকোপত সাধাৰন ৰাইজে যথেষ্ঠ দূৰ্ভোগ ভূগিব লগা হৈছে যদিও কেন্দ্ৰৰ বিজেপি চৰকাৰখনে সাধাৰন ৰাইজৰ কথা চিন্তা নকৰি প্ৰতিদিনে পেট্ৰ’ল আৰু ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰি গৈ আছে বুলিও সমালোচনা কৰে কংগ্ৰেছ নেতৃত্বই।