কাজিৰঙা, সংবাদ ৩৬৫, ৮ জুলাইঃ কৃষক নেতা অখিল গগৈৰ কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড উদ্যান উচ্ছেদৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে। অবৈধ ভাৱে চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ উত্থাপন হৈছে অৰ্কিড উদ্যানখনৰ বিৰুদ্ধে৷ কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড উদ্যানখনে মুঠ ৬ বিঘা ১ কঠা ১২ লেচা চৰকাৰী ভূমি বেদখল কৰাৰ অভিযোগ উত্থাপন কৰিছে গোলাঘাট জিলা প্ৰশাসনে। যোৱা ৫ জুলাই তাৰিখে অবৈধ ভাৱে কৰা নিৰ্মান আৰু অন্যান্য সামগ্ৰী সাত দিনৰ ভিতৰত অতৰাই নিবলৈ অৰ্কিড উদ্যানখনৰ কৰ্তৃপক্ষলৈ গোলাঘাট জিলা প্ৰশাসনে জাননী প্ৰেৰণ কৰিছে৷ দেওবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় অৰ্কিড উদ্যানৰ অধ্যক্ষ তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে এই কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে৷ অখিল গগৈয়ে প্ৰকাশ কৰে যে ৫ জুলাই তাৰিখে গোলাঘাট জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা তেঁওৰ হাতত দুদিন পাছত অৰ্থাৎ ৭ জুলাই তাৰিখে পৰিছে৷ অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ কৰি কয় যে চৰকাৰৰ এই নিৰ্দেশৰ বিৰুদ্ধে অৰ্কিড উদ্যানখন নিজৰ স্থতি প্ৰকাশৰ সুবিধাৰ পৰা বঞ্চিত কৰাৰ বাবে চৰকাৰে এয়া উৰ্দ্দেশ্য প্ৰণোদিত বিলম্ব৷ অখিল গগৈয়ে আৰু কয় যে চৰকাৰে উচ্ছেদ কৰিব বিচৰা ভূমি অংশৰ ভিতৰত আছে গোৰ্খা সম্প্ৰদায়ৰ সংগ্ৰাহালয়, উত্তৰ পূৱৰ ৫৪ প্ৰজাতিৰ বাঁহৰ উদ্যান, পৰ্যটকৰ নৌকা বিহাৰৰ এটা পুখুৰী৷ অখিল গগৈয়ে আৰু অভিযোগ কৰে যে বিজেপি চৰকাৰখনৰ বিৰুদ্ধে তেওঁৰ স্থিতিৰ বাবেহে চৰকাৰখনে আক্ৰুশমূলক ভাৱে এই সিদ্ধান্ত লৈছে৷ কাজিৰঙাত আন আন বেদখল চৰকাৰখনৰ দৃষ্টি গোচৰ নোহোৱাৰ অভিযোগ উত্থাপিত কৰি গোলাঘাট জিলা প্ৰশাসনৰ এগৰাকী বিষয়াৰ বেদখলৰ সন্দৰ্ভতো চৰকাখন কিয় নিৰৱ বুলি প্ৰশ্ন উত্থাপন কৰে কৃষক নেতা গৰাকীয়ে। নেতা গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালকো কঠো সমালোচনা কৰে।