গুৱাহাটী, সংবাদ ৩৬৫, ৮ জুলাইঃ মহানগৰীৰ গণেশগুৰিস্থিত মুকেশ হুণ্ডাই শ্ব’ৰূমৰ সঞ্চালক ঋষভ হিম্মৎসিংকাই কছুদিন পূৰ্বে এজন কৰ্মচাৰী কাণত ধৰি আঠু কঢ়াই শাস্তি প্ৰদান কৰি কেক কাটি বৰ্ষপূৰ্তি অনুষ্ঠান পালন কৰাৰ কেইখনমান ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ঋষভ হিম্মৎসিংকাৰ এই কাণ্ডৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাটাও সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি ঋষভ হিম্মৎসিংকাক ৰাজহুৱা ভাৱে ক্ষমা খোজাৰ দাবী জনোৱাৰ লগতে ঋষভ হিম্মৎসিংকাৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰুজু কৰে। গোচৰ ৰুজু হোৱাৰ পিছত বিগত তিনিদিন ধৰি মেঘালয়ৰ ৰাজধানী শ্বিলঙত আত্মগোপন কৰি থকা মুকেশ হোণ্ডাইৰ সঞ্চালক হিম্মৎসিংকা দিছপুৰ আৰক্ষীয়ে দেওবাৰে সোনাপুৰৰ ডিচাং ৰিৰ্জটৰ পৰা আটক কৰে। বৰ্তমান দিছপুৰ আৰক্ষী চকীত ৰখা হৈছে ঋষভ হিম্মৎসিংকাৰ।