বাক্সা, সংবাদ ৩৬৫, ৮ জুলাইঃ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৩ নং পূৱ গয়ৱাৰীত বিদ্যুৎ পৰিবাহী তাৰত লাগি এটা বনৰীয়া হাতীৰ কৰুন মৃত্যু হৈছে। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি এইদৰে কৰুণ মৃত্যুক সাৱটি লয় বনৰীয়া হাতীটোৱে। শনিবাৰে নিশাৰ ভাগত বাঞ্চলৰৰ পৰা ওলাই অহা হাতীটোৰ মৃতদেহ দেওবাৰে পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে। বিদ্যুৎ পৰিবাহী তাৰত লাগি মৃত্যু হোৱা হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি ৰাইজে বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ হাতীটোৰ জোখ মাখ কৰে। মৃত হাতীটোৰ দীঘল ৯”১২ ইঞ্চি, ওখ ৬ ফুট, ভৰি ২”১ ইঞ্চি আৰু লেজ ২”৯ ফুট দীঘলৰ বুলি জানিব দিয়ে বন বিভাগৰ লোকে৷ ৰাইজে বিদ্যুৎ পৰিবাহী তাৰত লাগি হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে যদিও মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই। উল্লেখ্য যে বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তবৰ্তি বিভিন্ন অঞ্চলত যোৱা কিছুদিন ধৰি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা বনৰীয়া হাতীৰ জাক জনাঞ্চললৈ ওলাই আহি তাণ্ডৱৰ সৃষ্টি কৰিছে।