কাকপথাৰৰ পৰা ভাস্কৰ জ্যোতি ভূঞা, সংবাদ৩৬৫, ১৬ আগষ্ট: তিনিচুকীয়া জিলাৰ টঙনা অাৰক্ষী থানাৰ অন্তৰ্গত লাজুম পথাৰ গাৱত যোৱা ৮ অাগষ্টত মিনু গগৈ বৰুৱা নামৰ মহিলা এগৰাকীৰ ৰহস্য জনক মৃত্যুয়ে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। মিনু গগৈ বৰুৱাৰ স্বামীৰ পৰিয়ালৰ লোকৰ মানসিক হেচাৰ ফলত অসুস্থ হৈ অস্বাভাবিক মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ডুমচি হাতীগড় গাৱৰ যুৱক সংঘৰ উদ্যোগত স্থানীয় ৰাইজে প্ৰতিবাদী সমদল কৰি টঙনা অাৰক্ষী থানা ঘেৰাও কৰি সমগ্ৰ অঞ্চলটোৰ পৰিবেশ উত্তাল কৰি তোলে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে অাজি প্ৰায় ১৫-১৬ বছৰ পূৰ্বে বৰডুমচা অাৰক্ষী থানাৰ অন্তৰ্গত ডুমচি হাতীগড় গাৱৰ মিনু গগৈ নামৰ মহিলাগৰাকী বৈবাহিক সূত্ৰে টঙনা থানাৰ লাজুম পথাৰৰ অজিত বৰুৱাৰ সৈতে বিবাহ পাশত অাবদ্ধ হয়। দুটি সন্তানৰ মাতৃ মিনু গগৈ।বৰুৱা কিছুদিনৰ পৰা নৰিয়াত পৰি শয্যাগত অৱস্থাত অাছিল যদিওঁ স্বামীসহ পৰিয়ালটিয়ে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল। এই বিষয়ে মিনু গগৈৰ নিজ পিতৃৰ পৰিয়ালে খবৰ পাই ৬ অাগষ্টত লাজুম পথাৰলৈ অাহি স্বামীৰ পৰিয়ালক চিকিৎসা কৰিবলৈ কৈ ঘৰলৈ উভতি যায়।কিন্তু দুদিন পিছতেই মিনু গগৈৰ ৰহস্যজনকভাৱে মৃত্যু হোৱা বুলি জানিব পাৰি হতভম্ব হৈ পৰে।ইয়াৰ পিছতেই মিনুৰ পৰিয়ালে স্বাভাবিক মৃত্যু নোহোৱাৰ বিষয়ে গাওঁবাসীৰ পৰা জানিব পাৰি গাওঁবুঢ়া,গাওঁৰক্ষী বাহিনী অাৰু টঙনা অাৰক্ষীক অভিযোগ দাখিল কৰে। অভিযোগমতে টঙনা অাৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।মৰণোত্তৰ পৰীক্ষাত অাৰক্ষীয়ে কোনোধৰণৰ অস্বাভাবিক মৃত্যুৰ তথ্য লাভ নকৰাত মৃতদেহটো মিনুৰ স্বামীৰ পৰিয়ালৰ লোকক চমজাই দিয়ে। স্বামীৰ পৰিয়ালটোয়ে ৰহস্যজনকভাৱে নিশাৰ ভিতৰতেই গাৱৰ লোকৰ অনুপস্থিতিত মৃতদেহটো পুতি থয়।মৃত মিনুৰ পিতৃৰ পৰিয়ালে অাৰক্ষীৰ তদন্তৰ প্ৰতি সন্তুষ্ট নহৈ বৃহস্পতিবাৰে দিনৰ ভাগত ডুমচী হাতীগড় গাৱৰ যুৱক সংঘসহ শতাধিক ৰাইজৰ উপস্থিতিত টঙনা থানা ঘেৰাওঁ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজে দাবী কৰা মতে অাৰক্ষীয়ে গাতত পুতি সৎকাৰ কৰা মৃতদেহটো পুনৰ খান্দি উলিয়াই সঠিক তদন্তৰ খাতিৰত পুনৰ মৰণোত্তৰ পৰীক্ষা কৰি উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। লগতে সামাজিক দল সংগঠন সমুহকো ঘটনাৰ তদন্ত পক্ৰিয়াত পুৰ্ণ সহযোগিতা অাগবঢ়াবলৈ অাহ্বান জনাইছে মিনুৰ পৰিয়ালে।