• সৰভোগ, সংবাদ ৩৬৫, ১৪ জুলাই: যিখন দেশত শিক্ষকক গুৰুৰ মৰ্যাদা দিয়া হয়, ভগবানৰ লগত তুলনা কৰা হয় সেই দেশত শনিবাৰে এজন শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদত নামিব লগীয়া হল এদল ছাত্র ছাত্ৰী। বৰপেটাৰ সৰ্ভোগস্থিত জৱাহৰ নৱদোয় বিদ্যালয়ৰ ছাত্র ছাত্ৰীয়ে শনিবাৰে বিদ্যালয় খনৰ অধ্যক্ষ শেখ তৰফ আলীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদত নামিব লগীয়া হয় । জানিব পোৱা মতে অধ্যক্ষজনে যোৱা কেইদিন মানৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক মানসিক আৰু বিভিন্ন অজুহাতত অৰ্থনৈতিক ভাৱে হাৰাশাস্তি চলোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীক লগ কৰিব অহা অভিভাৱককো অশ্ৰাব্য ভাষাৰে গালি পাৰি আহিছিল । ফলত শৈক্ষিক পৰিৱেশত অৱনতি ঘটিছিল । যাৰবাবে আজি নৱদোয় বিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়খনৰ মূল পথত প্লেকাৰ্ড হাতত লৈ অৱস্থানত বহি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অধ্যক্ষৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। আনহাতে অধ্যক্ষ গৰাকীয়ে ছাত্ৰ-ছাত্ৰীৰ সকলো অভিযোগ অস্বীকাৰ কৰে। এই ক্ষেত্ৰত বিভাগীয় কর্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।