চিৰাং, সংবাদ ৩৬৫, ১৫ জুলাইঃ চিৰাং জিলাৰ কাজলগাঁৱত বঙাইগাঁও শোধনাগাৰে দেওবাৰে স্বচ্ছ ভাৰত অভিযানৰ সজাগতা সৃষ্টীৰ বাবে এক চাইকেল ৰেলীৰ আয়োজন কৰে। স্বচ্ছ ভাৰত অভিযান কাৰ্যসূচীৰ অন্তৰ্গত চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ পৰা ৰাতিপুৱা ৭.৩০ বজাত ভাৰতীয় তেল নিগমৰ বঙাইগাঁও শোধনাগাৰে উলিওৱা চাইকেল ৰেলীত আৰক্ষী, চি আই এচ এফ, আৰ্মী, চি আৰ পি এফ, এচ এচ বিকে ধৰি কেইবাটাও নিৰাপত্তা বাহিনীৰ লোকে অংশগ্ৰহন কৰে। ৰাইজৰ মাজত স্বচ্ছতাৰ প্ৰতি সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে উলিওৱা চাইকেল ৰেলীৰ উদ্ধোধন কৰে বঙাইগাঁও শিধনাগাৰৰ ভাৰপ্ৰাপ্ত মুখ্য সঞ্চালক জি চি শিকদাৰে।